অসম

assam

ETV Bharat / state

Mysterious death of teenager: কিশোৰীৰ ৰহস্যজনক মৃত্যুক লৈ উত্তপ্ত হ’ল তেজপুৰ - Mysterious death of teenager in Tezpur has caused stir

তেজপুৰৰ হুগ্ৰাজুলিত এগৰাকী কিশোৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ (Mysterious death of teenager in Tezpur has caused stir) ৷উত্তেজিত ৰাইজে তেজপুৰ শালনীবাৰী আৰক্ষী চকী ঘেৰাও কৰি ৰাইজে কৰি অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী জনায় ।

g
Tense in Tezpur: কিশোৰীৰ ৰহস্যজনক মৃত্যুক লৈ উত্তপ্ত তেজপুৰ

By

Published : Jul 19, 2022, 9:13 PM IST

তেজপুৰ, ১৯ জুলাই :তেজপুৰৰ হুগ্ৰাজুলিত এগৰাকী কিশোৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ (Mysterious death of teenager in Tezpur has caused stir)৷ উত্তেজিত ৰাইজে তেজপুৰ শালনীবাৰী আৰক্ষী চকী ঘেৰাও কৰি অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী জনায় । ৰাইজৰ অভিযোগ অনুসৰি কিশোৰীগৰাকীক হত্যাৰ পূৰ্বে বলাৎকাৰ কৰা হৈছিল (Girl allegedly raped before being killed) ৷

Tense in Tezpur: কিশোৰীৰ ৰহস্যজনক মৃত্যুক লৈ উত্তপ্ত তেজপুৰ

উল্লেখ্য় যে চুড়ানন্দ গগৈ নামৰ গাওঁবুঢ়াজনে ৭ বছৰ পূৰ্বে হুগ্ৰাজুলিৰ সম্পৰ্কীয় ভনী জোঁৱাইৰ ঘৰত বনকৰা ছোৱালী হিচাপে ৰাখিছিল এগৰাকী কিশোৰীক। কিন্তু শেহতীয়াভাৱে কিশোৰীগৰাকী জ্বৰত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি গাঁওবুঢ়াই কিশোৰীগৰাকীৰ পিতৃক অৱগত কৰে । কিন্তু একাংশ জাতীয় সংগঠন আৰু ৰাইজে বিষয়টোত সন্দেহ প্ৰকাশ কৰি আৰক্ষীক অৱগত কৰে যে চিপ লোৱা অৱস্থাত কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে ।

Tense in Tezpur: কিশোৰীৰ ৰহস্যজনক মৃত্যুক লৈ উত্তপ্ত তেজপুৰ

অভিযোগ অনুসৰি ঘৰৰ গৰাকীয়ে কিশোৰীগৰাকীক বলাৎকাৰৰ পিছত হত্য়া কৰি চিপ লগাই ওলোমাই থৈছে । ৰাইজে এই ঘটনাৰ বাবে গাওঁবুঢ়া চুড়ানন্দ গগৈক জগৰীয়া কৰিছে । ৰাইজে ঘটনাৰ উপযুক্ত তদন্তৰ লগতে মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাই শালনীবাৰী আৰক্ষী চকী ঘেৰাও কৰে ।

লগতে পঢ়ক:etv comment image Sexual assault case : গুৱাহাটীত যৌন নিৰ্যাতনৰ বলি কিশোৰী

ABOUT THE AUTHOR

...view details