অসম

assam

ETV Bharat / state

ঢেকিয়াজুলিৰ লোমহৰ্ষক হত্যাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

২০ ফেব্ৰুৱাৰীৰ নিশা সংঘটিত হোৱা ঢেকীয়াজুলিৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ৬ দিন উকলি যোৱাৰ পিছতো আৰক্ষী-প্ৰশাসনে উলিয়াব নোৱাৰিলে হত্যাকাৰীৰ সম্ভেদ । তাৰ পিচতেই হত্যাকাৰীৰ কঠোৰ শাস্তিৰ দাবীৰে শুকুৰবাৰে কেইবাটাও সংগঠনে বিশাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

ঢেকিয়াজুলিৰ লোম হৰ্ষক হত্যাকাণ্ডৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
ঢেকিয়াজুলিৰ লোম হৰ্ষক হত্যাকাণ্ডৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

By

Published : Feb 27, 2021, 12:55 PM IST

Updated : Mar 1, 2021, 6:32 PM IST

তেজপুৰ,27 ফেব্ৰুৱাৰীঃউত্তেজনা মাৰ যোৱা নাইঢেকীয়াজুলিৰ চপাই বালিগাঁৱৰ হত্যাকাণ্ডৰ ৷ উক্ত গাঁৱত যোৱা ২০ ফেব্ৰুৱাৰীৰ নিশা জিলি ৰাভা নামৰ এগৰাকী মহিলা আৰু তেওঁৰ ৪ বছৰীয়া কন্যাক শুই থকা অৱস্থাত চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে কোনো অচিনাকী দুৰ্বৃত্তৰ । লগতে ১২ বছৰীয়া কন্যা পূৰৱী ৰাভাক অপহৰণ কৰি নিয়ে ।

ঢেকিয়াজুলিৰ লোম হৰ্ষক হত্যাকাণ্ডৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

এই চাঞ্চল্যকৰ ঘটনাৰ পাঁচ দিন উকলি যোৱাৰ পাচত বুধবাৰে উদ্ধাৰ হয় অপহৃত পূৰবী ৰাভাৰ মৃতদেহ । এই নৃশংস ঘটনাৰ দিনা অৰ্থাৎ ২০ ফেব্ৰুৱাৰীৰ নিশা অপহৃত পূৰৱীৰ কাপোৰ উদ্ধাৰ হৈছিল বালিগাঁও পথাৰত । বুধবাৰে উক্ত গাঁৱৰ পথাৰৰ মাজৰ খেৰৰ দ’ম এটাৰ মাজত উদ্ধাৰ হৈছিল পঞ্চম শ্ৰেণীত অধ্যয়নৰত পূৰবীৰ মৃতদেহ ৷

এই নিৰ্মম ঘটনাৰ পাচতে হত্যাকাৰীৰ শাস্তিৰ দাবীত উত্তাল হৈ পৰে ৰাভা ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজ । ঘটনাস্থলীত উপস্থিত আৰক্ষীক মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাত বাধা প্ৰদান কৰে সংগঠনটোৰ লগতে স্থানীয় ৰাইজে ৷ অৱশেষত শোণিতপুৰ আৰক্ষী-প্ৰশাসনে ঘটনাৰ উচিত তদন্তৰ প্ৰতিশ্ৰুতিৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ এই ঘটনাক লৈ সম্প্ৰতি অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰি আছে অঞ্চলটোত ।

উক্ত হত্যাকাণ্ডৰ ৬ দিন উকলি যোৱাৰ পিছতো আৰক্ষী প্ৰশাসনে উলিৱাব নোৱাৰিলে হত্যাকাৰীৰ সম্ভেদ । তাৰ পিচতেই হত্যাকাৰীৰ কঠোৰ শাস্তিৰ দাবীৰে শুকুবাৰে নিখিল ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আটছা, বজৰং দল, আমছু, বেংগলী ফেডাৰেচন, মহিলা সংগঠন আদিকে ধৰি কেইবাটাও সংগঠনে হত্যাকাৰীৰ শাস্তিৰ দাবীত বিশাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ সকলোৱে একে মুখে দাবী জনাইছে হত্যাকাৰীৰ শাস্তিৰ । দল-সংগঠনৰ অভিযোগ নেতাৰ সুৰক্ষা প্ৰদান কৰা আৰক্ষী চূড়ান্ত ব্যৰ্থ হৈছে হত্যাকাৰীৰ সন্ধান উলিওৱাত ৷ কেৱল কেন্দ্ৰীয় নেতাৰ সুৰক্ষাত নিয়োজিত হোৱাৰ বাবে ৬ দিন পাৰ হোৱাৰ পিছতো হত্যাকাৰীৰ সন্ধান উলিৱাব পৰা নাই শোণিতপুৰ আৰক্ষী প্ৰশাসনে ৷

লগতে পঢ়কঃনলবাৰী থানাত উপস্থিত ডিআইজি ব্ৰজেন্দ্ৰ জিৎ সিনহা

Last Updated : Mar 1, 2021, 6:32 PM IST

ABOUT THE AUTHOR

...view details