তেজপুৰ,২২ ডিচেম্বৰ:মঙলবাৰে তেজপুৰ তলগেৰেকীত থকা অসম আৰক্ষীৰ ফায়াৰিং ৰেঞ্জলৈ বাৰ্ষিক অনুশীলনৰ বাবে যোৱা আৰক্ষীৰ লোকে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিস্থলি চৌহদত কুকুৰৰ আক্ৰমণত আহত এটি পহু স্থানীয় কেইজনমান যুৱকৰ সহযোগত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
তেজপুৰ আৰক্ষীৰ তৎপৰতাত প্ৰাণ ৰক্ষা এটা পহুৰ - সমাধিস্থলিত চৌহদত কুকুৰৰ আক্ৰমণ
প্ৰকৃতিপ্ৰেম আৰু মহানুভৱতাৰ পৰিচয় দিলে তেজপুৰৰ দুগৰাকী আৰক্ষীয়ে ৷ মঙলবাৰে তেজপুৰ তলগেৰেকীত থকা অসম আৰক্ষীৰ ফায়াৰিং ৰেঞ্জলৈ বাৰ্ষিক অনুশীলনৰ বাবে যোৱা আৰক্ষীৰ লোকে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিস্থলিত চৌহদত কুকুৰৰ আক্ৰমণত আহত এটি পহু স্থানীয় কেইজনমান যুৱকৰ সহযোগত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
![তেজপুৰ আৰক্ষীৰ তৎপৰতাত প্ৰাণ ৰক্ষা এটা পহুৰ তেজপুৰ আৰক্ষীৰ তৎপৰতাত প্ৰাণ ৰক্ষা এটা পহুৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9971062-592-9971062-1608647242730.jpg)
তেজপুৰ আৰক্ষীৰ তৎপৰতাত প্ৰাণ ৰক্ষা এটা পহুৰ
তাৰ পিছতে আৰক্ষীৰ লোক দুজনে পহুটো ই-ৰিক্সাত উঠাই তেজপুৰ পশু চিকিৎসালয়লৈ আনি প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা কৰি বন বিভাগক চমজাই দিয়ে। ইয়াৰ পিছতে প্ৰকৃতি প্ৰেমী সৌৰভ বৰকটকী আৰু বন বিভাগৰ তত্বাৱধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য প্ৰাণী সংৰক্ষণ কেন্দ্ৰলৈ নিয়া বুলি জানিব পৰা গৈছে ।
লগতে পঢ়কঃ কৰ্মসংস্থাপনৰ দাবীত উত্তাল চিৰাং