অসম

assam

ETV Bharat / state

মঙলবাৰে শোণিতপুৰত ক’ভিডত আক্ৰান্ত এজনৰ মৃত্যু

মঙলবাৰে শোণিতপুৰত ১৯৪ গৰাকী লোক নতুনকৈ ক’ভিডত আক্রান্ত হোৱাৰ লগতে ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে এজনৰ ৷ বৰ্তমান জিলাখনত মুঠ ১২৬০ গৰাকী লোক কৰ’ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৷

tezpur-covid-update
শোণিতপুৰত আজি আক্রান্ত ১৯৪ আৰু এজনৰ কভিডত  মৃত্যু

By

Published : May 11, 2021, 10:55 PM IST

তেজপুৰ,১১ মে’:ক’ভিডৰ দ্বিতীয় ঢৌত মঙলবাৰে শোণিতপুৰত এজন ব্যক্তিৰ মৃত্যু ঘটাৰ বিপৰীতে নতুনকৈ ১৯৪ জনৰ দেহত ক’ভিডৰ অৱস্থিতি পোৱা গৈছে ৷

উল্লেখযোগ্য যে, তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা তেজপুৰৰ নিকটৱৰ্তী বান্দৰমাৰীৰ অতুল চন্দ্ৰ বৰা(৬৭) নামৰ লোকজনৰ মঙলবাৰে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ৷ ইপিনে, জিলাখনৰ ৫৮ গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হোৱাৰ পিছত চিকিৎসা লাভ কৰি সুস্থ হৈ ঘৰলৈ উভতিছে ৷ বৰ্তমান জিলাখনত ১,২৬০ গৰাকী লোক কৰ’ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৷

লগতে পঢ়ক :চিৰাঙত ক’ভিড প্ৰতিষেধকৰ নাটনি

ABOUT THE AUTHOR

...view details