অসম

assam

ETV Bharat / state

অসমত কংগ্ৰেছে 6-7 খনৰ অধিক আসন পাবঃ এম জি ভি কে ভানু

তেজপুৰ লোকসভা সমষ্টিৰ 5টা বিধানসভা সমষ্টিৰ ভোট গণনা কেন্দ্ৰ পৰ্যবেক্ষণ কংগ্ৰেছৰ প্ৰাৰ্থী এম জি ভি কে ভানুৰ। তেজপুৰ সমষ্টিৰ পৰা বিজয় নিশ্চিত দাবী এম জি ভি কে ভানুৰ ৷

তেজপুৰৰ ভোট গণনা কেন্দ্ৰ পৰ্যবেক্ষণ এম জি ভি কে ভানুৰ

By

Published : May 22, 2019, 3:20 PM IST

তেজপুৰ, 22 মে': মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে আৰম্ভ হ'ব দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ ভোট গণনা। তেজপুৰ লোকসভা সমষ্টিৰ 5 টা বিধানসভা সমষ্টিৰ ভোট গণনাৰ বাবে জিলা প্ৰশাসনে প্ৰস্তুত কৰি তুলিছে তেজপুৰ দৰং মহাবিদ্যালয়ৰ কমাৰ্চ কলেজৰ কক্ষ। তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী এম জি ভি কে ভানুৱে বুধবাৰে দৰং মহাবিদ্যালয়ৰ কমাৰ্চ কলেজৰ ভোট গণনা কেন্দ্ৰটো পৰ্যবেক্ষণ কৰে ৷

তেজপুৰৰ ভোট গণনা কেন্দ্ৰ পৰ্যবেক্ষণ এম জি ভি কে ভানুৰ

ভোট গণনা কেন্দ্ৰটো পৰিদৰ্শনৰ পাছত ইটিভি ভাৰত অসমৰ লগত হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে তেজপুৰত তেওঁৰ জয় নিশ্চিত বুলি উল্লেখ কৰে ৷ তেওঁ অসমত কংগ্ৰেছ দলে 6ৰ পৰা 7 খনৰ অধিক আসন লাভ কৰাৰ কথা ব্যক্ত কৰে ৷ ভানুৱে সাক্ষাৎকাৰত বিভিন্ন EXIT POLLত প্ৰকাশ পোৱা তথ্য সন্দৰ্ভত কয় যে, Exit poll Exact poll nohoi ৷ মাত্ৰ 24 ঘন্টাৰ পাছত জনা যাব Exit pollৰ তথ্য কিমান সত্য ৷

ABOUT THE AUTHOR

...view details