তেজপুৰ, ৫ মে'ঃ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় পৰিৱৰ্তিত হ’ব জ’নেল কোৱাৰেণ্টাইন কেন্দ্ৰলৈ ৷ বহিঃৰাজ্যৰ পৰা আহিবলগীয়া লোকসকলৰ কোৱাৰেণ্টাইনৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে শোণিতপুৰ জিলা প্ৰশাসনে ৷ বহিঃৰাজ্যৰ পৰা অসমৰ পাঁচ জিলালৈ আহিবলগীয়া বৃহৎ সংখ্যক লোকৰ বাবে এই পদক্ষেপ গ্ৰহণ প্ৰশাসনৰ ৷ মূলতঃ শোণিতপুৰ, বিশ্বনাথ, ওদালগুৰি, ধেমাজি আৰু লখিমপুৰ জিলালৈ আহিবলগীয়া লোকক তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কেন্দ্ৰীয় বিদ্যালয়ৰ আছুতীয়া কক্ষত কোৱাৰেণ্টাইন কৰা হ’ব ৷
তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত সাজু জ’নেল কোৱাৰেণ্টাইন কেন্দ্ৰ - Central School
বহিঃৰাজ্যৰ পৰা অসমলৈ আহিবলগীয়া লোকসকলৰ কোৱাৰেণ্টাইনৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে শোণিতপুৰ জিলা প্ৰশাসনে ৷ মূলতঃ শোণিতপুৰ, বিশ্বনাথ, ওদালগুৰি, ধেমাজি আৰু লখিমপুৰ জিলালৈ আহিবলগীয়া লোকক তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কেন্দ্ৰীয় বিদ্যালয়ৰ আছুতীয়া কক্ষত কোৱাৰেণ্টাইন কৰা হ’ব ৷
আনহাতে, পোনতে বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহ আৰু খেলপথাৰত লোকসকলক প্ৰশাসনৰ উদ্যোগত স্বাস্থ্য পৰীক্ষা কৰা হ’ব ৷ এই বিষয়ে জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে আৰক্ষী বিষয়া, জিলা যুটীয়া স্বাস্থ্য সঞ্চালক আদিৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৷ উল্লেখ্য যে, শোণিতপুৰ জিলালৈ বহিঃৰাজ্যৰ পৰা আহিবলগীয়া মুঠ লোকৰ সংখ্যা প্ৰায় 15,000 ৷ পাঁচজন চিকিৎসকে এই কোৱাৰেণ্টাইন কেন্দ্ৰত চিকিৎসা সেৱা আগবঢ়াব ৷ ইয়াৰোপৰি তেজপুৰ প’ল’ ফিল্ড আৰু একাংশ হোটেলত বহিঃৰাজ্যৰ পৰা আহিবলগীয়া লোকসকলক ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰে প্ৰশাসনে । উপায়ুক্ত তথা জিলা প্ৰশাসনে তেজপুৰৰ আৰক্ষী বিষয়াসকলক কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে যাতে কোনো লোকে নিৰ্ধাৰিত সময়ৰ পূৰ্বে ঘৰলৈ যাব নোৱাৰে ৷
লগতে চাওকঃহেম ৰেডিঅ'ৰে আৰ্তজনক সহায় কৰা লোকজন