অসম

assam

By

Published : Jun 16, 2022, 7:09 PM IST

ETV Bharat / state

চাৰিদুৱাৰলৈ স্থানান্তৰ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰ

১৮৪৬ চনত স্থাপিত তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰ স্থানান্তৰ কৰা হব চাৰিদুৱাৰলৈ । তেজপুৰ বাটমাৰিত অনুষ্ঠিত অসম চৰকাৰৰ ৫০ সংখ্যক কেবিনেটত তেজপুৰৰ কেন্দ্ৰীয় কাৰাগাৰ(Tezpur Central Jail) জিলাখনৰ চাৰিদুৱাৰ ৰাজহ চক্ৰলৈ স্থানান্তৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়(Decision to shift Tezpur Central Jail) ।

চাৰিদুৱাৰলৈ স্থানান্তৰ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰ
চাৰিদুৱাৰলৈ স্থানান্তৰ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰ

তেজপুৰ,১৬ জুন: ১৮৪৬ চনত ব্ৰিটিছ শাসনৰ সময়ত স্থাপন কৰা ঐতিহাসিক তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰ(Tezpur Central Jail)ক স্থানান্তৰ সিদ্ধান্ত(Decision to shift Tezpur Central Jail) । কেন্দ্ৰীয় কাৰাগাৰখন স্থানান্তৰ কৰা হ'ব জিলাখনৰ চাৰিদুৱাৰ ৰাজহ চক্ৰলৈ । ইতিমধ্যে আৰম্ভ হৈছে স্থানান্তৰৰ কাম-কাজ ।

কেন্দ্ৰীয় কাৰাগাৰৰ সেই স্থানত জ্যোতি-বিষ্ণু-ফণী সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ সন্দৰ্ভত কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিছিল । বৰ্তমানৰ কাৰাগাৰৰ ৬৪ বিঘা মাটিত এই প্ৰকল্প অনুষ্ঠিত হব । ব্ৰিটিছ শাসনৰ সময়তে স্থাপন কৰা তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ মুঠ মাটিকালি ১১৪ বিঘা ২ কথা ১৮ লেছা ।

১৮৪৬ চনত ব্ৰিটিছ শাসনৰ সময়ত স্থাপন কৰা হৈছিল তেজপুৰৰ কেন্দ্ৰীয় কাৰাগাৰ

অসমত বৰ্তমান ৩১ খন কাৰাগাৰ আছে তাৰ ভিতৰত ৬ খন কেন্দ্ৰীয় কাৰাগাৰ,এখন সম্পূৰ্ণ মুক্ত কাৰাগাৰ আৰু এখন বিশেষ কাৰাগাৰ (Special Jail)। আনহাতে বাকী সমূহ হৈছে জিলা কাৰাগাৰ (District jail) । অসমৰ এই ছয় খন কেন্দ্ৰীয় কাৰাগৰাৰ ভিতৰত তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰ অন্যতম । কাৰাগাৰখনত বৰ্তমান মুঠ ৮৩৭ গৰাকী কয়দী আছে(Tezpur Central Jail has a total of 837 prisoners) । ইয়াৰে ৭২৫ গৰাকী পুৰুষ আৰু ১১২ গৰাকী মহিলা ।

তেজপুৰ কাৰাগাৰ বিভিন্ন ধৰণৰ অপৰাধীৰ লগতে বিদেশী ন্যাধীকৰণৰ অধীনত বিদেশী ঘোষিত হোৱা আৰু শেহতীয়াকৈ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অধীনত চিনাক্ত লোককো ৰখাৰ ব্যৱস্থা আছে । উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি বহু কেইগৰাকী বিদেশী নাগৰিকক ইতিমধ্যে ইয়াৰ পৰা বিতাৰণ কৰা হৈছে । বৰ্তমান তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত ১০ জন বাংলাদেশী আৰু ৯ জন ম্যানমাৰৰ লোক কাৰাবন্দী হৈ আছে ।

লগতে পঢ়ক:অপৰাধ শূন্য হ'ব নগাঁও: কলিয়াবৰত আৰক্ষী অধীক্ষক লীনা দলে

For All Latest Updates

ABOUT THE AUTHOR

...view details