অসম

assam

By

Published : Jun 29, 2020, 6:41 PM IST

ETV Bharat / state

তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত নিষিদ্ধ দৰ্শণাৰ্থীৰ প্ৰৱেশ

দুজন কাৰাবন্দীৰ দেহত কোভিড-১৯ ৰ অৱস্থিতি ধৰা পৰাৰ পাছত বিশেষ সৰ্তকতা অৱলম্বন কৰিছে কাৰাগাৰ কৰ্তৃপক্ষই ৷

Tezpur central jail story
তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত নিষিদ্ধ দৰ্শণাৰ্থীৰ প্ৰৱেশ

তেজপুৰ, ২৯ জুন : গুৱাহাটীৰ পৰা তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰ কৰা দুজন কাৰাবন্দীৰ দেহত কোভিড-১৯ ৰ অৱস্থিতি ধৰা পৰাৰ পাছত বিশেষ সৰ্তকতা অৱলম্বন কৰিছে কাৰাগাৰ কৰ্তৃপক্ষই ৷ কাৰাগাৰত অন্য লোকৰ প্ৰৱেশ বন্ধ কৰাৰ লগতে স্বাস্থ্যৰ দিশত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে ৷ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক মৃন্ময় ডাউকাই ইটিভি ভাৰতক জানিবলৈ দিয়ে এই কথা ৷

তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত নিষিদ্ধ দৰ্শণাৰ্থীৰ প্ৰৱেশ

ডাউকাই প্ৰকাশ কৰা অনুসৰি তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত মুঠ 837 জন বন্দী ৰখাৰ সুবিধা আছে ৷ ইয়াৰ ভিতৰত প্ৰায় 570 গৰাকী বিভিন্ন কাৰণত বন্দী হৈ থকা কাৰাবন্দী ৷ ইয়াৰ ভিতৰত আছে 236 জন আণ্ডাৰ ট্ৰাইল প্ৰিজনাৰ, 164 জন দোষী সাব্যস্ত হোৱা আৰু 140 জন লোক বিদেশী বুলি ঘোষিত হোৱা কাৰাবন্দী । আনহাতে কাৰাগাৰত 16 জন বাংলাদেশী অনুপ্ৰৱেশকাৰী আৰু 10 জন ম্যানমাৰৰ নাগৰিক কাৰাবন্দী হৈ আছে । এই লোকসকলৰ প্ৰত্যাপৰ্ণৰ বাবে বিদেশী ন্যায়াধীকৰণে অনুমতি দিয়াৰ পিছতো সংশ্লিষ্ট দেশৰ লোকে তেওঁলোকক নিবলৈ অহা নাই । আনহাতে কাৰাগাৰত কাৰাবন্দীসকলৰ বিভাগীয় চিকিৎসকে দৈনিক স্বাস্থ্য পৰীক্ষা কৰে বুলি জানিবলৈ দিয়ে কাৰাগাৰৰ অধীক্ষকগৰাকীয়ে ৷ তেঁও লগতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অসমৰ লগতে শোণিতপুৰ জিলাৰ তেজপুৰ কাৰাগাৰতো একেই নিৰ্দেশনা মতে মানি চলা বুলিও উল্লেখ কৰে ।

লগতে পঢ়ক : নামহোলুঙত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মানত অনিয়ম

ABOUT THE AUTHOR

...view details