অসম

assam

ETV Bharat / state

Tezpur cancer care hospital: তেজপুৰ কৰ্কট প্ৰতিষ্ঠানত এটা বৰ্ষত প্ৰায় ৩ হাজাৰ ৰোগীৰ চিকিৎসা সম্পন্ন

অসমৰ স্বাস্থ্যখণ্ডলৈ ৰতন টাটাই আগবঢ়োৱা 7 খন কেঞ্চাৰ কেয়াৰ হাস্পতালে শুকুৰবাৰে সম্পূৰ্ণ কৰিলে এটা বছৰ (Cancer hospital in Assam) ৷ এই সময়ছোৱাত অসমৰ কেঞ্চাৰ ৰোগীসকল যথেষ্ট পৰিমাণে লাভৱান্বিত হ’ল ৷ তেজপুৰ কেঞ্চাৰ কেয়াৰ হাস্পতালত শুকুৰবাৰে অনুষ্ঠিত কৰা হয় এবছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠান ৷

By

Published : Apr 29, 2023, 7:16 AM IST

Tezpur cancer care hospital
Tezpur cancer care hospital

তেজপুৰ, 29 এপ্ৰিল: 2022 চনত টাটা ছনছৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটাই অসমৰ স্বাস্থ্যখণ্ডলৈ আগবঢ়াইছিল এক যুগান্তকাৰী অৱদান ৷ অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচন আৰু টাটা ট্ৰাষ্টৰ যুটীয়া উদ্যোগত অসমত স্থাপন কৰা হৈছিল 7 খন কেঞ্চাৰ হাস্পতাল ৷ তাৰে ভিতৰত এখন আছিল তেজপুৰ কেঞ্চাৰ হাস্পতাল (Tezpur cancer care hospital) ৷

বিগত বৰ্ষৰ 28 এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰতন টাটাই উন্মোচন কৰা কেঞ্চাৰ হাস্পতালকেইখনে শুকুৰবাৰে সম্পূৰ্ণ কৰিলে এটা বছৰ ৷ সেই অনুসৰি তেজপুৰ কেঞ্চাৰ কেয়াৰ চেণ্টাৰতো উদযাপন কৰা হ'ল বৰ্ষপূৰ্তি ৷ তেজপুৰ কেঞ্চাৰ কেয়াৰ চেণ্টাৰৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানৰ সভাপতিত্ব কৰে শোণিপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ৷

ভাষণ প্ৰসংগত উপায়ুক্তগৰাকীয়ে কয় যে উজনি অসমৰ জনসাধাৰণে এখন কেঞ্চাৰ হাস্পতাল লাভ কৰি ধন্য হৈছে ৷ বিগত এটা বছৰত 2,849 গৰাকী কেঞ্চাৰ ৰোগীয়ে চিকিৎসাৰ বাবে অন্য ঠাইলৈ যাবলগীয়া নহ’ল ৷ উল্লেখ্য যে, তেজপুৰ কেঞ্চাৰ কেয়াৰ চেণ্টাৰে বিগত এটা বছৰে কৰ্কট ৰোগীসকলক সফলতাৰে সেৱা আগবঢ়াই আহিছে ৷ তেজপুৰৰ লগতে ইয়াৰ কাষৰীয়া অঞ্চলৰ হাজাৰ-হাজাৰ কৰ্কট ৰোগীৰ লগতে ৰোগীৰ পৰিয়ালবৰ্গই যথেষ্ট সকাহ লাভ কৰি আহিছে তেজপুৰ কেঞ্চাৰ কেয়াৰ চেণ্টাৰৰ বাবে (Cancer treatment in Assam) ৷

তেজপুৰ কেঞ্চাৰ হাস্পতালৰ এবছৰীয়া বৰ্ষপূৰ্তি

আন আন অত্যাধুনিক প্ৰযুক্তিসম্পন্ন কেঞ্চাৰ হাস্পতালসমূহৰ দৰেই ৰোগীসকলে উন্নত চিকিৎসা লাভ কৰিবলৈ সক্ষম হৈছে তেজপুৰ কেঞ্চাৰ কেয়াৰ চেণ্টাৰত ৷ এইসমূহ সেৱা লাভ কৰিছে অতি কম খৰচতে ৷ ইয়াৰোপৰি PMJAY আঁচনিত অন্তৰ্ভুক্ত ৰোগীসকলে আন চিকিৎসালয়ৰ এক তৃতীয়াংশ খৰচতে চিকিৎসাসেৱা লাভ কৰিবলৈ সক্ষম হৈছে তেজপুৰ কেঞ্চাৰ কেয়াৰ হাস্পতালত (Assam cancer hospital) ৷

শুকুৰবাবে বৰ্ষপূৰ্তি উদযাপন অনুষ্ঠানত উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ লগতে উপস্থিত থাকে তেজপুৰ চিকৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ কৰুণা হাজৰিকা, অতিৰিক্ত উপায়ুক্ত ৰাজ বৰুৱাকে ধৰি বহুকেইগৰাকী চিকিৎসক- বিষয়া ৷ উল্লেখ্য যে, অনুষ্ঠানৰ মাজতে দৃশ্য-শ্ৰব্যও প্ৰদৰ্শন কৰা হয় ৷ য’ত উপস্থাপন কৰা হয় কেঞ্চাৰ কেয়াৰ চেণ্টাৰটোৰ সমগ্ৰ যাত্ৰাৰ লগতে চিকিৎসালয়খনক প্ৰশংসাৰে উপচাই পেলোৱা বহুকেইগৰাকী ৰোগীৰ মন্তব্য ৷

লগতে পঢ়ক:Assam flood problems: বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ বাবে অসমৰ পৰা দাবী লাভ কৰা নাই কেন্দ্ৰই

ABOUT THE AUTHOR

...view details