তেজপুৰ, ৯ জুন: চৰকাৰী অৱহেলাৰ বাবে একাষৰীয়া হৈ পৰি ৰৈছে তেজপুৰৰ ঐতিহাসিক বামুণী পাহাৰত থকা ভগ্নাৱশেষ ৷ যাৰ বাবে পুৰাতত্ব বিভাগৰ অধীনত থকা এই অঞ্চলতো সম্ভাৱনীয় পৰ্যটনৰ পৰা পিছপৰি ৰৈছে ৷ বৰ্তমান এই অঞ্চলটো দিন-দূপৰতে একাংশ অসাধু লোকৰ আশ্ৰয়স্থললৈ পৰিণত হৈছে (Tezpur Bamuni hills) ৷
পৰ্যটনস্থলীৰ পৰা বঞ্চিত তেজপুৰৰ বামুণী পাহাৰ তথ্য অনুসৰি খ্ৰীষ্টীয় নৱম আৰু দশম শতিকাৰ মন্দিৰৰ ভগ্নাৱশেষ সংৰক্ষণ কৰা আছে এই বামুণী পাহাৰত ৷ কিন্তু অসম চৰকাৰে এই স্থানক পৰ্যটনৰ আকৰ্ষণীয় কেন্দ্ৰ হিচাবে গঢ় দিয়াৰ বাবে কোনোধৰণৰ চেষ্টা নকৰাৰ ফলত আজিও এনেদৰে অৱহেলিত হৈ থকাটো এক চিন্তনীয় বিষয় হৈ পৰিছে ৷ বামুণী পাহাৰ তেজপুৰ নগৰৰ দক্ষিণ-পূব দিশত অৱস্থিত (History of Assam Bamini Hills) ৷
বামুণী পাহাৰত থকা শিলাখণ্ড ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত এই পাহাৰত সৰু-ডাঙৰ আঠপহীয়া শিলত কটা পদুম ফুল, ডাঙৰ শিলাখণ্ডত কটা দশাৱতাৰ মূৰ্তিৰ লগতে নৰসিংহৰ হিৰণ্যকশিপুৰ বধৰ শিলামূৰ্তি, অপৰূপা অপ্সৰাৰ মূৰ্তি আদি আছে ৷ ইয়াত গজব্যাস ব্ৰহ্মাৰ মূৰ্তি, নন্দীমুখ আদিও দেখিবলৈ পোৱা যায় ৷ এই ভাস্কৰ্যসমূহ খ্ৰীষ্টীয় নৱম-দশম শতিকাৰ বুলি ঠাৱৰ কৰা হৈছে ৷
বামুণী পাহাৰত থকা ধ্বংসাৱশেষ প্ৰবাদ আছে যে বামুণী পাহাৰত থকা শিলত কটা লতাফুল, দীঘলীয়া শিল আৰু খুঁটাসমূহে বাণৰ জীয়াৰী ঊষাৰ তাঁতশালৰ দোৰ্পতি, টোলোঠা আদিক বুজায় ৷ পাহাৰটোক ‘ঊষা পাহাৰ’ বুলিও কোৱা হয় ৷ বামুণী পাহাৰ, ওচৰতে থকা লুথেৰান চাৰ্চত থকা টিলা আৰু ভৈৰৱী মন্দিৰক সামৰি মুঠতে সাতটা মন্দিৰ আছিল বুলি জনা যায় ৷ এই ধ্বংসৱাশেষবোৰ এটা ঢিপৰ ওপৰত আছে আৰু চাৰিওফালে আয়তাকাৰ দেৱালে ঘেৰি আছে ৷
এইসমূহ শালস্তম্ভ ৰাজবংশৰ পিচৰ শাসকসকলৰ সময়ৰ হ’ব পাৰে বুলিও ঠাৱৰ কৰা হয় । নৰসিংহ, পৰশুৰাম, ৰাম আদি দশাৱতাৰৰ ছবি থকা এক ভাস্কৰ্যৰ পৰা অনুমান কৰা হয় যে এই মন্দিৰটো বিষ্ণুৰ উপাসনাস্থল আছিল ৷ মজিয়া আৰু পদপথৰ অৱশেষৰ পৰা বুজিব পাৰি যে বিষ্ণুৰ কেন্দ্ৰীয় উপাসনাস্থল ঢিপটোৰ ওপৰত আৰু শিৱ মন্দিৰবোৰ চৌপাশে চাৰিওটা কোণত অৱস্থিত আছিল ৷ ইয়াৰ কেইবাটাও স্তম্ভ আৰু ভাস্কৰ্য ইতিমধ্যেই চিত্ৰলেখা উদ্যানলৈ তুলি নিয়া হৈছে ৷
লগতে পঢ়ক:Artificial flood in Guwahati: বৰষুণ আহিল গুৱাহাটী মহানগৰ ডুবিল; এইদৰে আৰু কিমান দিন...?