তেজপুৰ, ২৪ অক্টোবৰ: 'দ্যা ছচিয়েলিষ্ট অৰ্গেনাইজেছন' আৰু 'তেজপুৰ জুবিনিয়ানছ'ৰ উদ্যোগত দুৰ্গা পূজা উপলক্ষে ৰাইজৰ মাজত স্বচ্ছতা বজাই পূজা উদযাপন কৰাৰ বাবে সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰা হয় । শনিবাৰে অষ্টমীৰ দিনা ৰাতিপুৱাৰ ভাগত তেজপুৰ চহৰৰ বিভিন্ন স্থানত ৰাজপথলৈ ওলাই আহি ছাত্ৰ সকলে জাবৰ চাফা কৰাৰ লগতে সজাগতামূলক বাৰ্তা প্ৰেৰণ কৰা পৰিলক্ষিত হয় ।
তেজপুৰত স্বচ্ছতা অভিযানত নামিছে একাংশ যুৱক - সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাৱ
'দ্যা ছচিয়েলিষ্ট অৰ্গেনাইজেছন' আৰু 'তেজপুৰ জুবিনিয়ানছ'ৰ উদ্যোগত দুৰ্গা পূজা উপলক্ষে ৰাইজৰ মাজত স্বচ্ছতা বজাই পূজা উদযাপন কৰাৰ বাবে সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰা হয়।
![তেজপুৰত স্বচ্ছতা অভিযানত নামিছে একাংশ যুৱক tezpur-awarness-program](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9298609-thumbnail-3x2-tezpru.jpg)
তেজপুৰত স্বচ্ছতা অভিযানত নামিছে একাংশ যুৱক
এই স্বচ্ছতা অভিযান দুৰ্গা পূজাৰ সময়ছোৱাত প্ৰত্যেক দিনাই গ্ৰহণ কৰিব বুলি সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাৱ আৰু দ্যা ছচিয়েলিষ্ট অৰ্গেনাইজেছনৰ সাধাৰণ সম্পাদক তৃষাণু ভূঞাই জানিবলৈ দিয়ে ।
লগতে পঢ়ক: শতবৰ্ষ গৰকা অসমৰ এখন ঐতিহ্যমণ্ডিত পূজাথলী