তেজপুৰ, ১২ ডিচেম্বৰ :এটা বছৰ অতিক্ৰম কৰিলে নাগৰিকত্ব সংশোধিত আইন 2019 বিৰোধী আন্দোলনে ৷ আজিৰে পৰা পুনৰ সদৌ অসম ছাত্ৰ সন্থাই আন আন সংগঠনৰ সাহযোগত আৰম্ভ কৰিছে কা' বাতিলৰ দাবীত গণ হুংকাৰ কাৰ্যসূচী ।
এই উপলক্ষে শোণিতপুৰ জিলা ছাত্র সন্থা আৰু তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত কা' বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷ ছাত্র সন্থাৰ নেতৃত্বৰ স্পষ্ট মত প্ৰকাশ কৰে যে, অসম তথা অসমীয়া জাতিৰ স্বাৰ্থত অসমত কা' বাতিল কৰিব লাগিব ।