তেজপুৰ,19 মেঃ দেশজুৰি চলি আছে লক ডাউন । বিগত প্ৰায় দুমাহ ধৰি চলি থকা এই লক ডাউনে অৰ্থনৈতিক ক্ষেত্ৰখনৰ সমান্তৰালকৈ প্ৰভাৱ পেলাইছে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনতো । চৰম আৰ্থিক সংকটৰ সন্মুখীন হৈছে অসমৰ শিল্পী সমাজ ।
উল্লেখ্য যে, কৰ'ণা মহামাৰীৰ বাবেই এইবেলি ৰাজ্যত উদযাপন কৰা নহ'ল ৰঙালি বিহু । ৰঙালীৰ সময়ছোৱাতেই আটাইতকৈ বেছি অনুষ্ঠান পৰিৱেশন কৰে ৰাজ্যৰ শিল্পীসকলে । কিন্তু ইয়াৰ বিপৰীতে এইবাৰ বহাগৰ সময়ত শিল্পীসকলে অনুস্থান পৰিৱেশন কৰাৰ পৰা বিৰত থাকিবলগীয়া হয় যাৰ ফলত যথেষ্ট আৰ্থিক সংকটৰ সন্মুখীন হ'বলগীয়া হৈছে শিল্পীসকলৰ লগতে বাদ্যযন্ত্ৰীসকল ।
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে আৰ্থিক দুৰৱস্থাৰ সন্মুখীন হৈছে অসমৰ সংস্কৃতিক নগৰী তেজপুৰৰ শিল্পী সমাজ আৰু ঐতিহ্যপূৰ্ণ বান থিয়েটাৰ । 1906 চনত প্ৰতিস্থিত তেজপুৰৰ ঐতিহ্যমণ্ডিত বান থিয়েটাৰ উত্তৰ অসমৰ এক মাত্ৰ বৃহত্তম সংস্কৃতিৰ মঞ্চ । প্ৰতি মাহে 40 -50 হাজাৰ টকাৰ ৰাজহ সংগ্ৰহ কৰে বান থিয়েটাৰে । ইয়াৰ ভিতৰতে প্ৰায় 40 হাজাৰ টকাৰ কেৱল থিয়েটাৰ পৰিচালনাৰ বাবে প্ৰয়োজন হয় । কিন্তু এতিয়া লক ডাউনৰ বাবে বৃহৎ ঘাটিৰ দিশে গতি কৰিছে বান থিয়েটাৰ ।