অসম

assam

ETV Bharat / state

তেজপুৰত আছুৰ বিশাল প্ৰতিবাদী সভাঃ ৩১ ডিচেম্বৰত সদৌ অসম কৰ্মচাৰী পৰিষদৰ ক’লা দিৱস - তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থা

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে মঙলবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত হয় তেজপুৰৰ নেহেৰু মৈদানত ৷ প্ৰায় ২৫ হাজাৰ লোকে অংশগ্ৰহণ কৰা কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি ৷

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

By

Published : Dec 24, 2019, 6:23 PM IST

Updated : Dec 24, 2019, 6:52 PM IST

তেজপুৰ,ডিচেম্বৰ ২৪ঃশোণিতপুৰ জিলা ছাত্ৰ সন্থা আৰু তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় কেন্দ্ৰীয় গণ সমাবেশ ৷ নাগৰিকত্ব সংশোধনী আইনৰ তীব্ৰ প্ৰতিবাদত এই সমাৱেশ আয়োজন কৰা হয় ৷ তেজপুৰৰ নেহেৰু মৈদানত অনুষ্ঠিত হয় এই বিশাল প্ৰতিবাদী সভা ৷ প্ৰায় ২৫ হাজাৰ লোকে অংশগ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য ৷ লগতে উপস্থিত থাকে সভাপতি দীপাংক নাথ, নেছ’ৰ অধ্যক্ষ চেমুৱেল জেওৰা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, চাহ জনজাতি ছাত্ৰ সংগঠন, সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি বাসৱ কলিতাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি ৷ প্ৰতিবাদকাৰীসকলে ৰং-তুলিকাৰে ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰে ৷

চৰকাৰক আইনখন বাতিল কৰিবলৈ আহ্বান আছুৰ সভাপতি গৰাকীৰ

আছুৰ সভাপতি দীপাংক নাথে ভাষণত অসম আন্দোলনৰ আৰম্ভণি তেজপুৰৰ পৰা হোৱা বুলি কয় ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ দম্ভালি অসমৰ ৰাইজে নামানে ৷ ইয়াৰ উত্তৰ ৰাইজে আগন্তুক সময়ত প্ৰদান কৰিব বুলিও নাথে উল্লেখ কৰে ৷

ৰাজ্যবাসীৰ সুৰক্ষাৰ দাবী কৰে ভট্টাচাৰ্যই

ইপিনে ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই প্ৰধানমন্ত্ৰী আৰু অসম চৰকাৰক সংশোধনী নাগৰিকত্ব আইনখন বাতিল কৰিবলৈ আহ্বান জনায় ৷ সমান্তৰালকৈ বাসৱ কলিতাই ৩১ ডিচেম্বৰত কৰ্মচাৰী পৰিষদে "ক’লা দিৱস" পালন কৰিবলৈ লোৱা সিদ্ধান্তৰ কথা প্ৰকাশ কৰে ৷ বছৰটোৰ অন্তিম দিনত সকলো কৰ্মচাৰীক ক’লা বেজ পৰিধান কৰিবলৈ আহ্বান জনায় কলিতাই ৷

৩১ ডিচেম্বৰত সদৌ অসম কৰ্মচাৰী পৰিষদৰ ক’লা দিৱস

আনহাতে,নেছ’ৰ অধ্যক্ষ চেমুৱেলে প্ৰতিবাদস্থলীত নাগালেণ্ডৰ ৰাইজৰ প্ৰতিবাদৰ বিষয়ে উল্লেখ কৰে ৷ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বস্তৰৰ লোক এই আইনৰ বিৰোধী বুলি প্ৰকাশ কৰে । নেছ’ই ভৱিষ্যতে এই আন্দোলনৰ সমৰ্থন কৰি যোৱাৰ কথাও চেমুৱেলে প্ৰকাশ কৰে ৷

নেছ’ই ভৱিষ্যতে এই আন্দোলনৰ সমৰ্থন কৰিব

লগতে চাওকঃগণ গৰ্জনত কঁপিল তিনিচুকীয়াৰ ৰাজপথ

Last Updated : Dec 24, 2019, 6:52 PM IST

ABOUT THE AUTHOR

...view details