তেজপুৰ, ৩ নৱেম্বৰ : মানুহৰ জীৱন আৰু হৃদয়ৰ সৰু সৰু কথাবোৰক লৈ মই নাট্য চৰ্চা কৰি আছো সুদীৰ্ঘ সময় ধৰি আৰু এই সময়ছোৱাত দৰ্শকসকলৰ মৰম-আশীৰ্বাদে মোক সদায় অনুপ্ৰাণিত কৰি আহিছে ৷ সোমবাৰে সন্ধিয়া তেজপুৰ সাহিত্য সভা ভৱনত এই মন্তব্য কৰে বিশিষ্ট নাট্যকাৰ-পৰিচালক তথা নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰাপক ঐশ্বৰ্য কাকতিয়ে ৷ নিজৰ ৭৭ সংখ্যক ওপজা দিনটোত তেজপুৰৰ শিল্পী কলা-কুশলী আৰু বিশিষ্টজনৰ শুভাশিষ গ্ৰহণ কৰি বিশিষ্ট নাট্যকাৰগৰাকীয়ে নাট্যশিল্পীৰ দায়ৱদ্ধতা আৰু ৰুচিশীলতাৰ ওপৰতো গুৰুত্ব আৰোপ কৰি কৰিলে মন্তব্য ৷
নাটকে মানুহৰ জীৱনৰ কথা কয়, কথা কয় হৃদয়ৰঃ ঐশ্বৰ্য কাকতি উল্লেখ্য যে, নিজৰ ওপজা দিনটোত এইগৰাকী নাট্যশিল্পীয়ে প্ৰতিবছৰেই একোখনকৈ নতুন নাটকৰ উপহাৰ দি তেজপুৰত মঞ্চস্থ কৰি আহিছিল ৷ কিন্তু এইবাৰ আৰু এখন নতুন নাটক লিখি সাজু হৈছিল যদিও ক’ৰণা অতিমাৰীয়ে এই যাত্ৰা প্ৰতিহত কৰাৰ পিছত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ কৰিবলগা তেওঁৰেই দুখন বহুল সমাদৃত নাটকৰ শুভ মুহুৰ্তত সম্পন্ন হয় বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত ৷ ইউনাইটেড আৰ্টিষ্টৰ উদ্যোগত আৰু তেজপুৰীয়া ৰাইজৰ সহযোগত ওপজা দিনৰ ওলগ জনোৱা অনুষ্ঠানটিত অহা ২৮ আৰু ২৯ নৱেম্বৰত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ কৰিবলগা ‘সন্ধ্যা আহিল কোন বাটে’ আৰু ‘বৃদ্ধাশ্ৰমত প্ৰেমৰ ফাগুণ’ নামৰ নাটক দুখন মাংগলিক পৰিৱেশত বন্তি প্ৰজ্বলনেৰে শুভ মুহুৰ্তত আৰম্ভ কৰে বাণ থিয়েটাৰৰ সভাপতি তথা বিশিষ্ট গীতিকাৰ-সুৰকাৰ বংকিম শৰ্মা আৰু বিশিষ্ট শিক্ষাবিদ তথা অৱসৰপ্ৰাপ্ত অধ্যাপক পূৰ্ণেশ্বৰ নাথে ৷
নাটকে মানুহৰ জীৱনৰ কথা কয়, কথা কয় হৃদয়ৰঃ ঐশ্বৰ্য কাকতি তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বৰুৱাই আঁত ধৰা এই অনুষ্ঠানটিত নাটকখনত অংশগ্ৰহণ কৰিবলগা শিল্পী কলা-কুশলীৰ লগতে উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে ধূপ প্ৰজ্বলন কৰে ৷ ইয়াৰ পিছতেই বিশিষ্ট সংস্কৃত পণ্ডিত তথা দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক উপেন্দ্ৰনাথ শৰ্মাই সংস্কৃত শ্লোকেৰে মংগলাচৰণ কৰা অনুষ্ঠানটিৰ আৰম্ভণিতেই তেজপুৰ সাহিত্য সভাৰ উপদেষ্টা, অধ্যাপক হেমন্ত কুমাৰ বৰুৱাই গামোছাৰে ওপজা দিনৰ ওলগ জ্ঞাপন কৰি শুভেচ্চামূলক ভাষণ প্ৰদান কৰে ৷ ইয়াৰ পিছতেই বিশিষ্ট শিক্ষাবিদ পূৰ্ণেশ্বৰ নাথে তেওঁৰ বক্তব্যত কয়, এগৰাকী প্ৰচুৰ অধ্যয়নশীল নাট্যকাৰ ঐশ্বৰ্য কাকতি ৷ সেয়েহে তেওঁৰ প্ৰতিটো সৃষ্টিয়েই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ পশ্চিমবংগৰ নাট্যশৈলীৰ সৈতে ফেৰ মাৰিব পৰাকৈ দক্ষ ঐশ্বৰ্য কাকতিৰ কলম বুলিও কয় ৷
নাটকে মানুহৰ জীৱনৰ কথা কয়, কথা কয় হৃদয়ৰঃ ঐশ্বৰ্য কাকতি আনহাতে ‘সন্ধ্যা আহিল কোন বাটে’ নাটকখনৰ মুখ্য চৰিত্ৰত অভিনয়নৰ বাবে সাজু হোৱা ৰাজ্যখনৰ মঞ্চ আৰু চলচ্ছিত্ৰ জগতৰ প্ৰসিদ্ধ অভিনেতা অৰুণ নাথে নাটকখনৰ সংলাপ আওৰাই প্ৰকৃত শিল্পী পাৰ্থিব জগতৰ পৰা সদায় আঁতৰি থাকি শিল্প সাধনাতেই ৰত থাকিব লগা হোৱাৰ বাবে বাস্তৱ জীৱনত সেই শিল্পীসকল সদায় আৰ্থিক সমস্যাৰ সন্মুখীন হয় বুলি কয় ৷
উল্লেখ্য যে, বিশিষ্ট অভিনেত্ৰী তথা বিষ্ণু ৰাভা বঁটা প্ৰাপক কৃষ্ণা দাস নাথ, ভ্ৰাম্যমাণ থিয়েটাৰৰ বলিষ্ঠ অভিনেতা মৃদুল চুতীয়া, তেজপুৰৰ দক্ষ অভিনেতা ৰাজীৱ শৰ্মা, উজ্জ্বল শইকীয়া, জয়দ্বীপ দে, অৱণী বৰা, দৰ্শনা বাইলুং আদিয়ে অভিনয় কৰিবলগা এই নাটক দুখনৰ সোমবাৰৰ মহুৰত আৰু আজিৰ ওপজা দিনৰ ওলগ অনুষ্ঠানটিত অংশগ্ৰহণ কৰি বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাইও শুভেচ্চামূলক বক্তব্যত ঐশ্বৰ্য কাকতিৰ সৃষ্টিশীলতাই উঠি অহা প্ৰজন্মৰ নাট্যশিল্পীসকলক অনুপ্ৰাণিত কৰি আহিছে বুলি মন্তব্য কৰে ৷ লগতে তেজপুৰ সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন শইকীয়া, বিশিষ্ট শিক্ষাবিদ তথা অৱসৰপ্ৰাপ্ত অধ্যাপক শৈলজা কুমাৰ পদ্মপতি, প্ৰাক্তন ছাত্ৰনেতা জীতেন বৰঠাকুৰ, তেজপুৰ সাহিত্য সভাৰ সম্পাদক দেৱব্ৰত শমা অদি ব্যক্তি সকলেও ঐশ্বৰ্য কাকতিক ওপজা দিনৰ ওলগ জনায় ।
লগতে পঢ়ক:মানৱতাৰ নিৰ্দশনকাৰী মহানগৰী সমীপৱৰ্তী এখন গাঁও...