তেজপুৰ,৩ মাৰ্চ:তেজপুৰ বিধানসভা সমষ্টি যদিহে অগপক এৰি দিয়ে তেনেহ’লে তেজপুৰত বিজেপিৰ স্থানীয় নেতা-কৰ্মীয়ে ভোট বৰ্জন কৰিব ৷ মঙলবাৰে তেজপুৰস্থিত শোণিতপুৰ বিজেপিৰ কাৰ্যালয়ত ক্ষোভিত বিজেপি নেতা-কৰ্মীসকলে মুকলিভাৱে ক্ষোভ ব্যক্ত কৰা দেখা যায় ৷ বিজেপি কৰ্মীসকলে লগতে কয় যে, তেজপুৰত অগপৰ কোনো আঞ্চলিক ভিত্তি তথা সংগঠন নাই ৷ তদুপৰি, অগপ দলৰ তেজপুৰ জিলা সমিতিৰ সভাপতি কোন সেই কথাই স্পষ্ট নহয় বুলি মন্তব্য কৰে বিজেপিৰ নেতা-কৰ্মীসকলে ৷
বুধবাৰে বিয়লি চাৰি বজাত বিজেপিৰ তেজপুৰস্থিত জিলা কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয় ৷ উক্ত সভাতে বিজেপিৰ স্থানীয় নেতা জয়ন্ত বৰাই ক্ষোভ প্ৰকাশ কৰি কয় যে, যোৱা ২৫ বছৰে বিধায়ক হোৱা স্বত্বেও বৃন্দাবন গোস্বামীয়ে কোনো কাম নকৰিলে ৷ এইবাৰ মিত্ৰজোঁটৰ চৰকাৰৰ বিধায়ক হৈ থকা অৱস্থাতো গোস্বামীয়ে তেজপুৰৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে চৰকাৰে আৱণ্টন দিয়া 200 কোটি টকা ব্যৱহাৰ নকৰাকৈ পেলাই থবলগীয়া হৈছে বুলি উল্লেখ কৰি বৰাই ৷ একেদৰে কেৱল গোস্বামীয়েই নহয়, তেজপুৰত এইবাৰ কোনো অগপৰ প্ৰাৰ্থীক মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দিয়ে ৷