তেজপুৰ, 5 ফেব্ৰুৱাৰী :" আপুনি যেতিয়া ঘৰলৈ যাব আপোনাৰ উত্তৰ প্ৰজন্মক আমাৰ বিষয়ে ক’ব, তেওঁলোকে কাইলৈৰ বাবে আজিক জলাঞ্জলী দিছে"৷ উপৰোক্ত পংক্তি ফাঁকি কহিমাৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ ৷ কাব্যিকভাৱে লিখা এই আমৰণশীল উক্তিয়ে যেন চুই যায় 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ সকলৰ ত্যাগক ।
সমগ্ৰ অসমৰ লগতে শোণিতপুৰ জিলাৰ বিভিন্ন ব্যক্তিৰ ত্যাগৰ বিষয়ে আখৰে আখৰে লিখা আছে শ্বহীদ নগৰী ঢেকীয়াজুলি, গহপুৰ ইত্যাদি অঞ্চল । 1942 চনত বগা বঙালৰ (ব্ৰিটিছ চৰকাৰৰ চিপাহীৰ) গুলিত কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিয়ে গহপুৰত মৃত্যুবৰণ কৰিছিল ৷ লগতে, ঢেকীয়াজুলিৰ শ্বহীদ মণিৰাম বড়ো, ৰতন কছাৰী, মঙলু কুৰকো, সৰুনাথ চুতীয়া, কুমলী দেৱী, খহুলি দেৱী ,লেৰেলা কছাৰী, দয়াল দাস পানীকা, টিলেশ্বৰী বৰুৱা, মোহিৰাম কোঁচ আৰু মনবৰ কছাৰী এই সকল লোকে মৃত্যুবৰণ কৰিছিল ৷ কিন্তু সুদীৰ্ঘ 74 বছৰে এইসকল লোকৰ পৰিয়ালে বঞ্চিত হৈ থাকিল ৰজাঘৰীয়াৰ সু-দৃষ্টিৰ পৰা ৷