অসম

assam

চাহ বাগিচাত গীতেৰে ক’ভিড ভেকচিনৰ সজাগতা সৃষ্টিৰ চেষ্টা প্ৰশাসনৰ

By

Published : Oct 4, 2021, 2:32 PM IST

ৰাজ্যৰ সকলো স্তৰৰ লোকৰ মাজত ক’ভিড ভেকচিন প্ৰদানৰ বাবে প্ৰশাসনে ব্যাপক প্ৰচেষ্টা চলাই আহিছে । এইবাৰে দৃশ্য-শ্ৰাব্য গীতৰ ভিডিঅ’ মুকলি কৰি চাহ বাগিচা অঞ্চলত ভেকচিনৰ সজাগতা সৃষ্টিৰ চেষ্টা প্ৰশাসনৰ ৷

Tezpur Administration special song for covid vaccine awareness in tea gardens
চাহ বাগিচাত গীতেৰে ক’ভিড ভেকচিন সজাগতা সৃষ্টিৰ চেষ্টা প্ৰশাসনৰ

তেজপুৰ, ৪ অক্টোবৰ : ৰাজ্যত ক’ভিড ভেকচিন প্ৰদানৰ বাবে চৰকাৰে ব্যাপক প্ৰচেষ্টা হাতত লৈছে । শোণিতপুৰ জিলা প্ৰশাসনে ইতিমধ্যে কেইবালানি সচেতনতা বৃদ্ধি কৰা অনুষ্ঠান উদযাপন কৰিছে । চাহ বাগিচাৰ লোক সকলৰ মাজত ক’ভিড-১৯ৰ ভেকচিন গ্ৰহণৰ বাবে সজাগতা সৃষ্টিৰ উদ্দেশ্যি বাগিচাৰ লোকসকলৰ মাজত সোমাই বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে ।

চাহ বাগিচাত গীতেৰে ক’ভিড ভেকচিন সজাগতা সৃষ্টিৰ চেষ্টা প্ৰশাসনৰ

শোণিতপুৰ জিলা প্ৰশাসনে ইয়াৰে এক অংশ হিচাপে এক আটক ধুনীয়া দৃশ্য-শ্ৰাব্য গীতৰ ভিডিঅ’ মুকলি কৰে । কূড়মালী ভাষাত গোৱা এই গীতটিয়ে চাহ বাগিচা অঞ্চলত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে আৰু চাহ বাগিচাৰ শ্ৰমিকসকলে ভেকচিন গ্ৰহণ কৰিবলৈ আগবাঢ়ি অহা পৰিলক্ষিত হৈছে । আনহাতে শোণিতপুৰ জিলাত ইতিমধ্যে কেইবালানিও মেগা ভেকচিন ড্ৰাইভ অনুষ্ঠিত হৈ গৈছে ।

চাহ বাগিচাত গীতেৰে ক’ভিড ভেকচিন সজাগতা সৃষ্টিৰ চেষ্টা প্ৰশাসনৰ

প্ৰশাসনে মুকলি কৰা গীতটি দুটা ভাগত প্ৰকাশ পাইছে ৷ ইয়াৰে এটাত মহিলাৰ কণ্ঠত আনটো পুৰুষৰ কন্ঠত প্ৰকাশ পাইছে । মহিলাৰ কণ্ঠত কণ্ঠদান কৰিছে জুৰমলয়া দাসে আৰু পুৰুষৰ কণ্ঠত কণ্ঠদান কৰিছে বিষ্ণু শৰ্মাই ৷ গীতটি সুৰ, সঙ্গীত, ৰচনা আৰু ভিডিঅ’ পৰিচালনা কৰিছে বিষ্ণু শৰ্মাই । উল্লেখ্য যে, শোণিতপুৰ জিলাত বৰ্তমানলৈকে ১০, ৪৫,৯১৮ গৰাকীয়ে ভেকচিন গ্ৰহণ কৰিছে ৷ ইয়াৰে ৭,৩৫,৮৯৪ গৰাকীয়ে প্ৰথম পালি আৰু ৩,১০,০২৪ গৰাকীয়ে দ্বিতীয় পালি ভেকচিন গ্ৰহণ কৰিছে ।

লগতে পঢ়ক :মাজুলী যোৰহাট সংযোগী দলঙৰ নিৰ্মাণস্থলী পৰিদৰ্শন অখিল গগৈ

ABOUT THE AUTHOR

...view details