অসম

assam

ETV Bharat / state

শোণিতপুৰত শিক্ষাৰ্থীসকলৰ বাবে বিশেষ আধাৰ কেন্দ্ৰ মুকলি

শোণিতপুৰ জিলাত সোমবাৰে জিলাখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ তেজপুৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন আধাৰ পঞ্জীয়ন কেন্দ্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰোহন কুমাৰ ঝাই।

tezpur-adhar-center-inauguration
শোণিতপুৰত শিক্ষাৰ্থীসকলৰ বাবে বিশেষ আধাৰ কেন্দ্ৰ মুকলি

By

Published : Nov 9, 2020, 7:40 PM IST

তেজপুৰ, ৯ নবেম্বৰ: শোণিতপুৰ জিলাত সোমবাৰে জিলাখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ তেজপুৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন আধাৰ পঞ্জীয়ন কেন্দ্ৰ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰোহন কুমাৰ ঝাই।

শোণিতপুৰত শিক্ষাৰ্থীসকলৰ বাবে বিশেষ আধাৰ কেন্দ্ৰ মুকলি

উক্ত উদ্বোধনী অনুষ্ঠানত জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক প্ৰভাত দাসৰ লগতে বিদ্যালয়খনৰ অধ্যক্ষ থানেশ্বৰ ডেকা, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সমন্বিতে অন্যান্য বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে। ইতিমধ্যে জিলাখনৰ শিক্ষা বিভাগৰ চাৰিটা শিক্ষা খণ্ড ক্ৰমে ন-দুৱাৰ, গাভৰু, বালিপৰা আৰু ঢেকীয়াজুলি খণ্ডৰ অধীনত মুঠ দহটা এনে আধাৰ কেন্দ্ৰ মুকলি কৰা হয়। এনে আধাৰ পঞ্জীয়ণ কেন্দ্ৰ স্থাপন কৰা বিদ্যালয় সমূহে উক্ত বিদ্যালয়ৰ নিকততম দুইৰ পৰা তিনিখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক আধাৰ পঞ্জীয়নৰ সুবিধা প্ৰদান কৰিব। অনুষ্ঠানত ভাষণ প্ৰদান কৰি অতিৰিক্ত উপায়ুক্ত ৰোহণ কুমাৰ ঝাই কেন্দ্ৰ সমূহৰ পৰিদৰ্শক আৰু অপাৰেটৰ সকলক নিৰ্দিষ্ট সময়ত উপস্থিত থাকি শুদ্ধকৈ ছাত্ৰ-ছাত্ৰীৰ তথ্য সমূহ অৰ্ন্তভূক্ত কৰাত বিশেষ গুৰুত্ব দি সঠিক সময়ত যাতে আধাৰ কাৰ্যসূচী সম্পন্ন কৰিব পৰা যায় তাৰ প্ৰতি বিশেষ দৃষ্টি দিবলৈ আহবান জনায়।

শোণিতপুৰত শিক্ষাৰ্থীসকলৰ বাবে বিশেষ আধাৰ কেন্দ্ৰ মুকলি

ভাষণ প্ৰসংগত তেওঁ প্ৰতিটো কেন্দ্ৰই ২৫ ৰ পৰা ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ একোটা দলত ভাগ কৰি প্ৰতিদিনে দুটা দলৰ কাম সম্পূৰ্ণ কৰিবলৈ আহ্বান জনায় যাতে এই কেন্দ্ৰসমূহৰ যোগেদি জিলাখনৰ ২,৩২,৬৮৭ গৰাকী ছাত্ৰ-ছাত্ৰী আধাৰ অৰ্ন্তভূক্তিৰ কাম আগন্তুক দুটা মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব পাৰি।

শোণিতপুৰত শিক্ষাৰ্থীসকলৰ বাবে বিশেষ আধাৰ কেন্দ্ৰ মুকলি

সৰ্বশিক্ষা অভিযান মিচনৰ বিষয়াদ্বয় ক্ৰমে কৃষ্ণ ডেকা আৰু ঋতুপৱন ৰাজখোৱাক জিলাখনৰ এই আধাৰ পঞ্জীয়ন কেন্দ্ৰ পৰিচালনাৰ ন’ডেল বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে। চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে এই আধাৰ কেন্দ্ৰ সমূহ পৰিচালনাৰ বাবে প্ৰতি শিক্ষা খণ্ডৰ লগতে শিক্ষা খণ্ডৰ উপ-পৰিদৰ্শকৰ কাৰ্যালয়ত দুটাকৈ আধাৰ কিট প্ৰদান কৰা হয়। সমগ্ৰ প্ৰক্ৰিয়াটিৰ বাবে ২০ গৰাকীকৈ পৰিদৰ্শক আৰু অপৰেটৰক ইতিমধ্যে নিৰ্বাচিত কৰাৰ লগতে তেওঁলোকক যোৱা ৬ নবেম্বৰত যাৱতীয় অনলাইন প্ৰশিক্ষণ প্ৰদান কৰা হয়।

লগতে পঢ়ক: আলু পিয়াঁজৰ ব্যৱসায়ীক Z+ সুৰক্ষা প্ৰদানৰ দাবী !

ABOUT THE AUTHOR

...view details