তেজপুৰ,২ ছেপ্টেম্বৰ : প্ৰায় পাঁচ শতাধিক লোকৰ নাম অন্তৰ্ভুক্ত নহ'ল শোণিতপুৰ জিলাৰ এখন গাঁৱত । তেজপুৰ চহৰৰ নিলগত বাৰঘূৰি গাঁৱৰ আঠ শতাধিক লোকৰ ভিতৰত পাঁচ শতাধিক লোকৰ নামেই অন্তৰ্ভুক্ত নহ'ল এনআৰচিত । উল্লেখযোগ্য যে ১৯৬৪ চনত পূব পাকিস্তানৰ পৰা শৰণাৰ্থী হিচাবে আনি তেজপুৰ বাৰগুৰিত স্থাপন কৰা শৰণাৰ্থীৰ শিবিৰত ৰখা হৈছিল প্ৰায় ৪০০ লোকক । পৰৱৰ্তী সময়ত ১৯৬৯-৭০ চনত প্ৰতিজন লোকক এক বিঘা মাটি আৰু ৫ হাজাৰ টকা দি সংস্থাপন কৰা হৈছিল শৰণাৰ্থীৰ শিবিৰৰ আশে পাশে আৰু ঢেকীয়াজুলিৰ লগতে ন দুৱাৰ অঞ্চলত । সেই পৰিয়ালৰ হাতত এতিয়াও মজুত আছে সেই সময়ত ভাৰত চৰকাৰে শৰণাৰ্থীৰ হিচাপে স্থাপন কৰা সম্পূৰ্ণ নথি পত্ৰ । কিন্তু তেওঁলোকৰ নাম অন্তৰ্ভুক্ত নহ'ল এন আৰ চিত ।
তেজপুৰৰ পাঁচ শতাধিক শৰণাৰ্থী এতিয়া ঠিকনাবিহীন - নাগৰিক পঞ্জীত অন্তভুৰ্ক্ত নহ'ল তেজপুৰৰ পাঁচ শতাধিক লোক
তেজপুৰৰ বাৰঘূৰি গাঁৱৰ আঠ শতাধিক লোকৰ ভিতৰত পাঁচ শতাধিক লোকৰ নামেই অন্তৰ্ভুক্ত নহ'ল এনআৰচিত

tezpur 500 people of a village excluded from NRC
নাগৰিক পঞ্জীত অন্তভুৰ্ক্ত নহ'ল তেজপুৰৰ পাঁচ শতাধিক লোক
উচ্চতম ন্যায়ালয়ে পূৱ পাকিস্তানৰ শৰণাৰ্থী সকলৰ তথ্য পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছিল যদিও সেই সমূহ পৰীক্ষা বা পুনৰ পৰীক্ষা নকৰাৰ অভিযোগ উত্থাপন এই ৫০০ জন লোকৰ । তেওঁলোকৰ হাতত শৰণাৰ্থীৰ তথ্যৰ বাহিৰে আন তথ্য নাই । প্ৰয়াত প্ৰধানমন্ত্ৰী জৱহৰলাল নেহেৰুয়ে ৰাজ্যৰ মুখ্য মন্ত্ৰীৰ জৰিয়তে এই সকল শৰণাৰ্থীক সংস্থাপিত কৰিছিল যদিও তেওঁলোকৰ নাম ১৯৭১ চনৰ ভোটাৰ তালিকাত সন্নিৱিষ্ট নোহোৱা বাবেই তেওঁলোকৰ নাম এনআৰচিত অন্তৰ্ভুক্ত নহ'ল ।
Last Updated : Sep 2, 2019, 10:44 PM IST