তেজপুৰ, ২২ আগষ্ট: “আমাৰ দেশত সংবাদ মাধ্যমক যথেষ্ট গুৰুত্ব আৰু স্বাধীনতা দিয়া আছে ৷ সেয়ে সংবাদমাধ্যমক দেশৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়৷ দেশৰ সেনাই সংবাদ মাধ্যমৰ সৈতে সৌহাদ্যপূৰ্ণ সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰে যাতে সেনা দেশৰ সৰ্বসাধাৰণৰ কাষ চাপিবলৈ সুবিধা হয়’’ ৷ তেজপুৰস্থিত সেনাৰ চতুৰ্থ ক’ৰৰ(Tezpur based 4 Corps army) মুৰব্বী লেঃ জেনেৰেল ডি এছ ৰাণাই(Tezpur 4 crops GOC DS Rana) এইদৰে কয় ৷
উল্লেখযোগ্য যে, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সদস্যসকলৰে তেজপুৰত এক সৌহাদ্যপূৰ্ণ বৈঠকত মিলিত হোৱা সেনা বিষয়াগৰাকীয়ে লগতে কয় যে, দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰো বিশেষ দায়িত্ব আছে ৷ নিৰাপত্তাজনিত বিষয়সমূহৰ ক্ষেত্ৰত সংবাদ মাধ্যমে বিশেষভাৱে সচেতন হ’ব লাগে বুলি মন্তব্য কৰি জিঅ’চি ৰাণাই কয় যে, স্থানীয় সংবাদ মাধ্যমৰ বিশেষ গুৰুত্ব আছে সেনাৰ ওচৰত ৷
সংবাদ মাধ্যমৰ গুৰুত্ব আৰু ভুল বাতৰিৰ প্ৰচাৰৰ সন্দৰ্ভত এগৰাকী সেনা বিষয়াৰ গুৰুত্বপূৰ্ণ মন্তব্য স্থানীয় সংবাদ মাধ্যমত একোটা অঞ্চলৰ সমস্যা আৰু ইয়াৰ আবাসীসকলৰ মানসিকতা তথা স্থিতি প্ৰতিফলিত হয় বুলিও তেওঁ মন্তব্য কৰে ৷ আনহাতে, বৰ্তমান বিশ্বত তথ্যগত যুদ্ধও (Information warfare) চলি থকা বুলি প্ৰকাশ কৰি একোটা ভুল তথ্যৰ প্ৰচাৰে এখন দেশৰ অথবা অঞ্চলৰ সাধাৰণ লোকৰ মনোবল হ্ৰাস কৰিব পাৰে বুলিও তেওঁ কয় ৷
জিঅ’চিগৰাকীয়ে কয় যে, কিছুদিন পূৰ্বে অৰুণাচল প্ৰদেশত এক হেলিকপ্টাৰ দুৰ্ঘটনাৰ (Helicopter crash in Arunachal Pradesh) মিছা বাতৰি একাংশ সংবাদ মাধ্যমত প্ৰচাৰিত হৈছিল আৰু প্ৰথম অৱস্থাত এই প্ৰচাৰে উৎকণ্ঠাৰ সৃষ্টি কৰিছিল ৷ পাছত এই ভুৱা বাতৰিয়ে প্ৰচাৰ কৰা সংবাদগোষ্ঠীৰহে ভাৱমূৰ্তি আৰু বিশ্বাসযোগ্যতা হ্ৰাস কৰিলে বুলিও তেওঁ মন্তব্য কৰে ৷
চতুৰ্থ ক’ৰে দেশৰ এক গুৰুত্বপূৰ্ণ নিৰাপত্তাৰ দায়িত্ব পালন কৰি থকাৰ লগতে শীঘ্ৰেই এটা সাংবাদিকৰ দলক সীমান্তৱৰ্তী অঞ্চল পৰিভ্ৰমণৰ ব্যৱস্থা কৰিব বুলি সেনা বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ৷ লগতে তেওঁ কয় যে কেৱল সামৰিক ক্ষেত্ৰতে নহয়, পৰ্যটন উদ্যোগ তথা ইয়াৰ দ্বাৰা স্থানীয় অৰ্থনীতিত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পৰা অঞ্চল এই ভ্ৰমণত সামৰি লোৱাৰ সম্ভাৱনা আছে ৷
সোমবাৰৰ এই সৌহাদ্যপূৰ্ণ বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ স্থানীয় মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল এ এছ ৱালিয়া আৰু সেনা বিষয়া বিভাগৰ ত্যাগীও উপস্থিত আছিল ৷ চতুৰ্থ কৰ’ৰ মুৰব্বীজনক শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ তৰফৰ পৰা ফুলাম জাপি আৰু গামোচাৰে সম্ভাষণ জনোৱা হয় ৷
লগতে পঢ়ক:অসম অৰুণাচলৰ সীমা বিবাদ নিষ্পতিৰ বাবে শোণিতপুৰত বিশেষ বৈঠক