তেজপুৰ, ৮ আগষ্ট: কৰ’ণাৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰী ভাৱে বলবৎ কৰা বিভিন্ন নীতি-নিৰ্দেশনাৰ মাজতেই আন জটিল ৰোগী সকলে উপযুক্ত সময়ত উপযুক্ত চিকিৎসা লাভ নকৰাৰ অভিযোগ উঠাৰ সময়তে তেজপুৰত ঘটিছে এক ভয়ংকৰ ঘটনা ৷ তেজপুৰৰ পুনিয়নি অঞ্চলৰ আৰতি বাউৰি নামৰ প্ৰসৱ যন্ত্ৰণা আৰম্ভ হোৱা এগৰাকী প্ৰসূতিক শনিবাৰে দিনৰ প্ৰায় এক বজাত তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ এগৰাকী আশা কৰ্মীয়ে আনিছিল ভৰ্তি কৰোৱাৰ বাবে ৷
কিন্তু শেহতীয়া চৰকাৰী নিৰ্দেশনাত কৰ’ণাৰ পৰীক্ষা অবিহনে চিকিৎসালয়ত ভৰ্তিৰ অনুমতি প্ৰদান নকৰাত প্ৰসূতি গৰাকীক চৰকাৰী চিকিৎসালয়ৰ সমীপৰ চিভিল চাৰিআলিৰ অস্থায়ী এন্টিজেন টেষ্ট চেন্টাৰলৈ অনা হয় ৷ কিন্তু ইয়াতেই প্ৰসূতীগৰাকীৰ প্ৰসৱ বেদনা অধিক হয় কেন্দ্ৰটোৰ সন্মূখৰ এটা গেছ এজেঞ্চিৰ বাৰাণ্ডাতেই সন্তান প্ৰসৱ কৰে মহিলাগৰাকীয়ে ৷ সেই সময়চোৱাত প্ৰসূতিগৰাকীক সহায়ৰ বাবে এন্টিজেন টেষ্টত ব্যস্ত থকা কৰ্মীসকলৰ বাহিৰে অন্য কোনো নাছিল ৷ আনকি এম্বুলেন্সো অহা নাছিল প্ৰসূতীগৰাকীক চিকিৎসালয়লৈ অনাৰ বাবে ৷ পাছত এন্টিজেন টেষ্ট চেন্টাৰৰ দুজনমান কৰ্মী আৰু মহিলাগৰাকীৰ আত্মীয়ৰ তৎপৰতাত এম্বুলেন্স আহে আৰু সন্তান আধা প্ৰসৱ কৰা অৱস্থাত মহিলাগৰাকীক নিয়া হয় 50 মিটাৰ দূৰত্বত অৱস্থিতিত তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ ৷ য’ত এটি কন্যা সন্তান জন্ম দিয়ে মহিলাগৰাকীয়ে ৷