অসম

assam

ETV Bharat / state

পূৰ্বৰ দৰে মৃৎশিল্পীৰ মাজত নাই পূজাৰ উচাহ

কৰ’ণাৰ সংক্ৰমণৰ বাবে ৰাজ্যবাসীৰ মাজত পূৰ্বৰ দৰে নাই কোনো উৎসাহ-উদ্দীপনা ৷ শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ মৃৎ শিল্পীসকলৰ ক্ষেত্ৰতো দেখা গৈছে এক মৰ্মান্তিক পৰিৱেশ ৷

teracotta artist facing problem due to covid 19 before durga puja sootea assam etv bharat news
মৃৎশিল্পীৰ মাজত নাই পূজাৰ উচাহ

By

Published : Oct 18, 2020, 4:37 PM IST

চতিয়া,17 অক্টোবৰ: শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথো আৰু পাঁচটা দিন বাকী ৷ এনে সময়ছোৱাত পূজাক কেন্দ্ৰ কৰি উথপথপ হৈ থাকিব লাগিছিল ৰাজ্যৰ চৌপাশ ৷ কিন্তু কৰ’ণাৰ সংক্ৰমণৰ বাবে ৰাজ্যবাসীৰ মাজত পূৰ্বৰ দৰে নাই কোনো উৎসাহ-উদ্দীপনা ৷ শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ মৃৎ শিল্পীসকলৰ ক্ষেত্ৰতো দেখা গৈছে এক মৰ্মান্তিক পৰিৱেশ ৷ কৰ’ণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত এইবাৰ শাৰদীয় দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত চৰকাৰে কেতবোৰ নীতি-নিয়ম বান্ধি দিয়াৰ ফলত প্ৰায়বোৰ পূজা কমিটিয়ে পূজা অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এই সিদ্ধান্তৰ ফলত ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে মৃৎ শিল্পীসকল ।

মৃৎশিল্পীৰ মাজত নাই পূজাৰ উচাহ

কিয়নো মূৰ্তি বিক্ৰী কৰি লাভ কৰা ধনেৰে পৰিয়াল পোহপাল দিয়ে শিল্পীসকলে ৷ এই ধনেৰে বছৰেকলৈ পৰিয়াল পোহপাল দিয়া শিল্পীসকলে এইবেলি মূৰ্তি বিক্ৰী কৰিব নোৱাৰি গভীৰ সংকটৰ সন্মুখীন হৈছে ৷ চতিয়াৰ অন্তৰ্গত জামুগুৰিহাটৰ ববি দাস নামৰ এগৰাকী শিল্পীয়ে প্ৰতিবছৰে দুৰ্গা পূজাৰ সময়ত বিক্ৰী কৰে 50 খনিৰো অধিক প্ৰতিমা ৷ কিন্তু এইবৰ্ষৰ বাবে মাত্ৰ ১০ খনি প্ৰতিমাৰ বাবে শিল্পীগৰাকীক যোগাযোগ কৰিছে পূজা কমিটীয়ে ৷ ইতিমধ্যে চৰকাৰে জাৰি কৰা কঠোৰ নিয়মাৱলীৰ বাবে অঞ্চলটোৰ তিনিখনকৈ কমিটীয়ে পূজা অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ফলত একপ্ৰকাৰ দিশহাৰা পৰিস্থিতিৰ সন্মুখীন হৈছে মৃৎ শিল্পী ববী দাস ৷

লগতে চাওকঃঅগপলৈ লং জাম্প মাৰিবলৈ আগ্ৰহী এআইইউডিএফ-ৰ কোন বিধায়ক !

ABOUT THE AUTHOR

...view details