অসম

assam

By

Published : Feb 7, 2023, 4:35 PM IST

ETV Bharat / state

Indo Myanmar Border Situation : ভাৰত-ম্যানমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত উত্তেজনা

ভাৰত-ম্যানমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ম্যানমাৰত অব্যাহত আছে আক্ৰমণ-প্ৰতিআক্ৰমণ (tense situation in Indo Myanmar border) । ভাৰত-ম্যানমাৰ সীমান্তত মণিপুৰৰ সমীপত সংঘটিত উত্তপ্ত পৰিস্থিতিৰ প্ৰভাৱ চুবুৰীয়া ৰাজ্যখনৰ ওপৰত পৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ।

Myanmar
Myanmar

তেজপুৰ, ৭ ফেব্ৰুৱাৰী :ভাৰত-ম্যানমাৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত বৰ্তমান এক উত্তেজনাময় পৰিস্থিতিয়ে বিৰাজ কৰিছে (tense situation in Indo Myanmar border) । শেহতীয়াকৈ ভাৰতৰ চুবুৰীয়া দেশখনত বিগত ১ ফেব্ৰুৱাৰীৰ পৰা মাৰ্শ্বেল আইন জাৰি কৰা হৈছে (marshel law in Myanmar) । ফলস্বৰূপে ভাৰত-ম্যানমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত উত্তেজনাই বিৰাজ কৰিছে (Indo Myanmar international border) । মন কৰিবলগীয়া যে যেতিয়া দেশখনত যথেষ্ট দীঘলীয়া বিতৰ্কৰ অন্তত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ পৰিস্থিতি ক্ৰমে শান্ত হৈ আহিছিল, তেতিয়াই ম্যানমাৰ সেনা আৰু চীনা বিদ্ৰোহীৰ মাজত চলি থকা সশস্ত্ৰ যুদ্ধ গভীৰ হৈ পৰাত সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছে (Myanmar army fight with China reballion) ।

ম্যানমাৰ সেনাৰ সৈতে যুঁজি থকা বিভিন্ন গোষ্ঠীয়ে ম্যানমাৰ সেনাৰ চকীক লক্ষ্য কৰি লোৱাকে ধৰি বিভিন্ন ধৰণৰ অভিযান চলাবলৈ আকাশী ড্ৰোণ ব্যৱহাৰ কৰি আহিছে । ভাৰত-ম্যানমাৰ সীমান্তত মণিপুৰৰ সমীপত এই সঘনা সংঘটিত হোৱাত উত্তপ্ত পৰিস্থিতিৰ প্ৰভাৱ চুবুৰীয়া ৰাজ্যখনৰ ওপৰত পৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি । এক নিৰ্ভৰযোগ্য উৎসৰ জানিব পৰা গৈছে যে ২ ফেব্ৰুৱাৰীত চীন দেশৰ সাতখন টাউনশ্বিপত মাৰ্শ্বেল ল' জাৰি কৰা হৈছিল । শেষৰটো এনে আক্ৰমণত ৩ ফেব্ৰুৱাৰীত আন্তৰাষ্ট্ৰীয় সময় মতে প্ৰায় ৯.৩০ বজাত CNA/CDF-এ ড্ৰোণেৰে বোমা নিক্ষেপ কৰিছিল থানটলাঙৰ ওচৰৰ গাঁৱত (চীনৰ আটাইতকৈ দক্ষিণৰ প্ৰান্তত) । থানটং হৈছে ম্যানমাৰ সেনাৰ বৃহৎ কোম্পানী স্থান । অৱশ্যে এতিয়ালৈকে কোনো হতাহতৰ খবৰ পোৱা হোৱা নাই ।

শেহতীয়া এই আক্ৰমণৰ পৰা দুটা কথা স্পষ্ট হৈ পৰিছে । প্ৰথম- আক্ৰমণৰ স্থান ভাৰত-ম্যানমাৰ সীমান্তৰ পৰা বহু দূৰৈত নহয় । ফলত পুনৰ বিভিন্ন নিৰাপত্তাজনিত চিন্তাৰ সৃষ্টি কৰিছে । দ্বিতীয়- এই গোটসমূহে কেনেকৈ উন্নত প্ৰযুক্তিৰ সুবিধা লাভ কৰিছে, যিবোৰ বিশ্বৰ আন প্ৰান্তত কিছুদিন ধৰি ব্যৱহাৰ হৈ আহিছে । শেহতীয়া ম্যানমাৰ অভ্যুত্থানত ক্ষমতা দখল কৰাৰ দুবছৰৰ পাচত ম্যানমাৰৰ সামৰিক নেতাসকলে দেশখনৰ জৰুৰীকালীন অৱস্থা আৰু ছমাহৰ বাবে বৃদ্ধি কৰিছে ।

1 ফেব্ৰুৱাৰীত এই পদক্ষেপে সম্ভৱতঃ আগষ্টৰ ভিতৰত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত বিলম্ব ঘটাব বুলি জেনেৰেলসকলে স্থানীয় সংবাদ মাধ্যমৰ যোগেদি প্ৰকাশ কৰিছে । দেশখনৰ সাৰ্বভৌম ক্ষমতা পুনৰ কমাণ্ডাৰ ইন চীফলৈ হস্তান্তৰ কৰা হৈছে । অভ্যুত্থান হোৱা জ্যেষ্ঠ নেতা জেনেৰেল মিন আং হ্লাইঙৰ কথা উল্লেখ কৰি ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি মাইণ্ট ছুৱেয়ে এনেদৰে কয় । ৰাজ্যিক সম্প্ৰচাৰক এম আৰ টিভিয়ে জনোৱা মতে, ২০২১ চনৰ ১ ফেব্ৰুৱাৰীত সেনাই আং ছান ছ্যু কিৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰখন ওফৰাই দিয়াৰ সময়ত ঘোষণা কৰা জৰুৰীকালীন অৱস্থা দীঘলীয়া কৰাৰ বাবে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা আৰু নিৰাপত্তা পৰিষদে মিন আং হ্লাইঙৰ অনুৰোধ ইতিমধ্যে মঞ্জুৰ কৰিছে বুলি জানিব পৰা গৈছে ।

ম্যানমাৰৰ সেনাই 'নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে কাম কৰিব' বুলি এম আৰ টিভিয়ে মিন আং হ্লাইঙৰ উদ্ধৃতি দি কয়- “আমাৰ চৰকাৰে দেশৰ প্ৰতিটো প্ৰান্তত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে কাম কৰিব যাতে জনসাধাৰণে গণতান্ত্ৰিক অধিকাৰ হেৰুৱাব নোৱাৰে ।” জৰুৰীকালীন অৱস্থাৰ সময়ত অনুষ্ঠিত কৰিব নোৱৰা নিৰ্বাচনৰ সময়সীমা তেওঁ নিদিলে । সমালোচকসকলে কয় যে যিকোনো নিৰ্বাচন সামৰিক বাহিনীক ক্ষমতা অক্ষুণ্ণ ৰাখিবলৈ দিয়াৰ লক্ষ্যৰে কৰা এটা পদক্ষেপ হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :Syria after quake kills 4000 : তুৰস্ক ছিৰিয়া সীমান্তৰ চৌদিশে কেৱল মাথো ধ্বংসাৱশেষ

For All Latest Updates

ABOUT THE AUTHOR

...view details