অসম

assam

Student fight: ছাত্ৰ ৰাজনীতিৰ নামত চৰম উদ্ভণ্ডালি ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ত

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 8:28 PM IST

শোণিতপুৰ জিলাৰ ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ত ক্ৰমশঃ বৃদ্ধি পাইছে ছাত্ৰ সংগঠনৰ সংঘাত ৷ ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি মহাবিদ্যালয়খনত ABVP আৰু AASU ৰ মাজত সৃষ্টি হৈছে তীব্ৰ সংঘাত ৷

Student fight
ছাত্ৰ ৰাজনীতিৰ নামত চৰম উদ্ভণ্ডালি

ছাত্ৰ ৰাজনীতিৰ নামত চৰম উদ্ভণ্ডালি

তেজপুৰ, 7 ছেপ্টেম্বৰ :শিক্ষানুষ্ঠান নহয় যেন যুদ্ধক্ষেত্ৰহে !শোণিতপুৰ জিলাৰ ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ত ক্ৰমশঃ বৃদ্ধি পাইছে ছাত্ৰ সংগঠনৰ সংঘাত ৷ ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি মহাবিদ্যালয়খনত ABVP আৰু AASU ৰ মাজত সৃষ্টি হৈছে তীব্ৰ সংঘাত ৷ বৃহস্পতিবাৰে একাংশ ছাত্ৰ-ছাত্ৰীৰ উদ্ভণ্ডালিয়ে চৰম সীমা অতিক্ৰম কৰে ৷ উদ্ভণ্ডালি চম্ভালিব নোৱাৰা অৱস্থা হয় মহাবিদ্যালয় কৰ্তৃপক্ষৰ ।

উল্লেখ্য যে, দৰং মহাবিদ্যালয়ত অহা 15 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব ছাত্ৰ একতা সভাৰ নিৰ্বাচন ৷ এই নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে মনোনয়নপত্ৰ দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছিল ৷ সেই সময়তে ABVPৰ সমৰ্থিত প্ৰাৰ্থীক মনোনয়নপত্ৰ দাখিলত AASU ৱে বাধা প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ লগ লগে AASU ৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰে ABVP সমৰ্থনকাৰী ৷

মহাবিদ্যালয়খনৰ এগৰাকী ছাত্ৰই কোৱা অনুসৰি নিৰ্ধাৰিত সময়তে ABVP ৰ কেইবাগৰাকীও প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিবলৈ যাওঁতেই আছু সমৰ্থিত কেইগৰাকীমান ছাত্ৰ-ছাত্ৰীয়ে ABVP ৰ প্ৰাৰ্থীকেইজনক বাধা প্ৰদান কৰি কাৰ্যালয়ৰ কোঠাত সোমাবলৈ নিদিয়ে ৷ ফলত মনোনয়ন পত্ৰ দাখিলৰ সময় পাৰ হৈ যোৱাত প্ৰাৰ্থীকেইজনে কেইবাটাও পদত মনোনয়ন পত্ৰ দাখিল কৰাত ব্যৰ্থ হয় ৷ এই ঘটনা পোহৰলৈ অহাৰ পিচতে ABVP ৰ ছাত্ৰ-ছাত্ৰীকেইজনমানে মহাবিদ্য়ালয় কৰ্তৃপক্ষক অৱগত কৰে যদিও কৰ্তৃপক্ষই পুনৰ প্ৰাৰ্থীকেইজনক মনোনয়ন পত্ৰ দাখিল কৰিবলৈ অনুমতি নিদিয়ে ৷

ফলস্বৰূপে প্ৰতিবাদত বহে ABVP সমৰ্থনকাৰী একাংশ ছাত্ৰ-ছাত্ৰী ৷ গৰমৰ বন্ধ খুলি মহাবিদ্যালয় আৰম্ভ হোৱা মাত্ৰ এটা মাহ সম্পূৰ্ণ হোৱাৰ লগে লগেই পাঠ্যক্ৰমতকৈ সকলোৱে এতিয়া যেন অধিক মনোনিৱেশ কৰিছে দৰং মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ বাবে । অৱশ্যে ইয়াৰ বাবে দায়ী ছাত্ৰ সমাজ নহয় সমানে দায়ী হেঁচা প্ৰয়োগ কৰা একাংশ ৰাজনীতি দল ।

উল্লেখযোগ্য যে, পূৰ্বেও দৰং মহাবিদ্যালয়ত নিৰ্বাচনকেন্দ্ৰিক সংঘাতৰ বহু ঘটনা সংঘটিত হৈছে । 1995-96 বৰ্ষত শোণিতপুৰ জিলাৰ দিকৰাই চাহ বাগিচাৰ গৌতম দাসৰ নামৰ এজন ছাত্ৰৰ লগতে আৰু দুজন ছাত্ৰ এই নিৰ্বাচন কেন্দ্ৰিক সংঘাতৰ বাবে মহাবিদ্যালয় ছাত্ৰ নিবাসৰ নোহোৱা হৈছিল, তাৰ পিচত তেওঁলোকৰ আজি পৰ্যন্ত শুংসূত্ৰ নোলাল ৷

লগতে পঢ়ক:Assam Electricity Crisis: উৎকট গৰমৰ মাজতে পুনৰ ৰাম টাঙোন মুখ্যমন্ত্ৰীৰ; বিদ্যুতৰ দাম বৃদ্ধিৰ যো-জাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details