তেজপুৰ, ২৫ ফেব্ৰুৱাৰী :অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ পুনৰ উত্তপ্ত । লোকসেৱা আয়োগৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰীত (APPSC question paper leaked case) জড়িত থকাৰ অভিযোগত নিলম্বিত অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগৰ সচিব তুমি গংকাক শুকুৰবাৰে ৰাজ্যৰ ৰাজধানীখনৰ বাহিৰৰ অঞ্চলত ৰহস্যজনক পৰিস্থিতিত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় (Body of suspended APPSC official recovered) । এই ঘটনাৰ পিছতে শুকুৰবাৰে সন্ধিয়াৰ পৰা ৰাজধানী চহৰখনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।
ইফালে শনিবাৰে লোকসেৱা আয়োগৰ কাৰ্যালয়ৰ সন্মুখত স্থানীয় ৰাইজে এই মৃত্যুৰ ন্যায় বিচাৰি গৃহমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰে (tense situation in Arunachal) । তাৰবাবে আয়োগৰ সন্মুখত অৱস্থান কৰে প্ৰতিবাদকাৰীসকলে (Arunachal Pradesh Public Service Commission) । আনহাতে, আৰক্ষী অধীক্ষক (ৰাজধানী) জিমি চিৰামে জনোৱা মতে, ইটানগৰ চিৰিয়াখানাৰ পথ ট্ৰাই-জংচন আৰু গংগা হ্ৰদৰ মাজৰ এটা স্থানত গছত ওলমি থকা অৱস্থাত গংকাকৰ মৃতদেহ উদ্ধাৰ হয় । তেওঁ কয় যে এই তথ্য পোৱাৰ পিছতে আৰক্ষীৰ এটা দলে ততাতৈয়াকৈ উক্ত গৈ স্থানত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে (APPSC paper scam issue) ।
অৱশ্যে এই সন্দৰ্ভত সবিশেষ তথ্য প্ৰদান নকৰি আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, ‘এই বিষয়ত তদন্ত আৰম্ভ কৰা হৈছে । সূত্ৰ অনুসৰি, গ্ৰুপ কে কে ডব্লিউ এছত বৃহস্পতিবাৰে বিয়লি ৪.৫৮ বজাত গংকাকৰ শেষ বাৰ্তাত লিখা আছিল, “মোৰ প্ৰিয় সন্মানীয় সদস্যসকল, মই কেতিয়াও এপিপিএছচিৰ কাগজ ফাদিলৰ সৈতে জড়িত হোৱা নাই । মই নিৰ্দোষী । কিন্তু মোকো টাৰ্গেট কৰা হৈছে, যেনেকৈ পৰীক্ষাৰ সহকাৰী নিয়ন্ত্ৰক আছিল ।” জানিব পৰা মতে, যোৱা ২২ ফেব্ৰুৱাৰীৰ বিয়লি প্ৰায় ৩.৩০ বজাত গংকাকক (৪৫) লোকসেৱা আয়োগৰ কাৰ্যালয়লৈ মাতি অনা হৈছিল । বৃহস্পতিবাৰে বিয়লি ৪ বজাত গংকাকে ঘৰৰ পৰা ওলাই যায় আৰু সন্ধিয়া প্ৰায় ৫.৩০ বজাত তেওঁৰ মোবাইল ফোনটোত সংযোগ পোৱা নগ’ল বুলি আৰক্ষী অধীক্ষক জিমি চিৰামে জানিবলৈ দিয়ে । অৱশ্যে এয়া হত্যা নে আত্মহত্যা আছিল সেয়া মৰণোত্তৰ পৰীক্ষাৰ পিছতহে গম পোৱা যাব বুলিও আৰক্ষীয়ে কয় ।
তেওঁ লগতে কয়, "অস্বাভাৱিক মৃত্যুৰ সকলো দিশৰ তদন্ত কৰা হ’ব । তেওঁৰ ওচৰলৈ জীৱনলৈ ভাবুকিপূৰ্ণ কোনো ফোন বা মেছেজ আহিছিল নেকি সেই সন্দৰ্ভতো তদন্ত কৰা হ’ব ।" উল্লেখ্য, বৃহস্পতিবাৰে মৃত গংকাকে ৱাটছএপ গ্ৰুপত লিখিছিল, ‘মোৰ প্ৰিয় সন্মানীয় সদস্যসকল, মই কেতিয়াও এপিপিএছচিৰ কাগজ ফাদিলৰ সৈতে জড়িত হোৱা নাই । মই নিৰীহ, কিন্তু পৰীক্ষাৰ সহকাৰী নিয়ন্ত্ৰক হোৱাৰ বাবে মোক টাৰ্গেট কৰা হৈছে ।” ইফালে, নিলম্বিত বিষয়াজনৰ ৰহস্যজনক মৃত্যুৰ তদন্ত বিচাৰি চিম্পু থানাত এফআইআৰ দাখিল কৰে গংকাকৰ পৰিয়ালৰ লোকে ।