ৰঙাপৰা , 13 মে':শোণিতপুৰ জিলাৰ মিছামাৰীত ভাৰতীয় সেনাই এটা ধৰ্মীয় অনুষ্ঠানলৈ যোৱা পথত চৌহদৰ পকীবেৰ নিৰ্মাণ কৰে ৷ ফলত ঐতিহাসিক মন্দিৰটোলৈ অহা-যোৱা কৰা পথছোৱা চিৰদিনৰ বাবে বন্ধ হৈ পৰে ৷ এই কাৰ্যত ক্ষুব্ধ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷
মিছামাৰীত সেনাৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ - etv bharat assam
হঠাতে মন্দিৰটোলৈ অহা-যোৱা কৰা পথছোৱাত সেনাই বিশাল পকীবেৰ নিৰ্মাণ কৰাত ৰাস্তা বন্ধ হৈ পৰে ৷ সেনাৰ এই কাৰ্যত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে ৷ ভাৰতীয় সেনাই চৌহদৰ পকীবেৰ নিৰ্মাণ কৰাৰ বাবে ক্ষুব্ধ হৈ পৰে ভক্তপ্ৰাণ ৰাইজ ৷
ভাৰতীয় সেনাৰ ওপৰত ক্ষুব্ধ ভক্তপ্ৰাণ ৰাইজ
উল্লেখ্য যে মিছামাৰীৰ তাঁতশাল গাঁৱৰ নিবাসী প্ৰয়াত কমল চন্দ্ৰ নাথে দান কৰা ভূমিত স্থাপন কৰা শিৱ মন্দিৰত ৰাইজে পূজা-অৰ্চনা কৰি আহিছে ৷ মন্দিৰটোত অনুষ্ঠিত হৈ আহিছে বিভিন্ন অনুষ্ঠান ৷ কিন্তু হঠাতে মন্দিৰটোলৈ অহা-যোৱা কৰা পথছোৱাত সেনাই বিশাল পকীবেৰ নিৰ্মাণ কৰাত ৰাস্তা বন্ধ হৈ পৰে ৷ সেনাৰ এই কাৰ্যত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে ৷