অসম

assam

By

Published : Jun 22, 2023, 8:38 PM IST

ETV Bharat / state

LGBRIMH Tezpur: বৃহস্পতিবাৰৰ পৰা তেজপুৰ মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত টেলিযোগ সেৱা আৰম্ভ

তেজপুৰ মানসিক স্বাস্থ্য প্ৰতিষ্ঠাত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ল টেলিযোগ সেৱা ৷ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা ৷

LGBRIMH Tezpur
LGBRIMH Tezpur

তেজপুৰ, ২২ জুন:উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী মানসিক স্বাস্থ্য চিকিৎসানুষ্ঠান শোণিতপুৰ জিলাৰ তেজপুৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত বুধবাৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ লগতে ৰাইজৰ সেৱাৰ বাবে ‘টেলিযোগ সেৱা’ৰ শুভ উদ্বোধন কৰা হয় ৷

এই নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ‘বসুদৈৱ কুটুম্বকম্’ আপ্ত বাণীৰে আৰম্ভ হয় লগতে বৃহস্পতিবাৰৰ পৰা এই সেৱা প্ৰতিষ্ঠানখনৰ পুনঃপ্ৰতিষ্ঠাপন শাখাৰ তত্বাৱধানত আৰম্ভ কৰা হয় ৷

সেই উদ্দেশ্যে আয়োজিত সভাত অতিথিসকলক ফুলাম গামোচাৰে আদৰণি জনাই আৰু যোগৰ উপকাৰিতা লগতে প্ৰতিষ্ঠানত টেলিযোগৰ মাধ্যমেৰে অন্তঃবিভাগৰ ৰোগীৰ লগতে সকলোৰে মানসিক আৰু শাৰিৰীক সুস্থতা ৰক্ষাত যোগৰ প্ৰয়োজনীয়তা সম্পৰ্কে উল্লেখ কৰি আদৰণি ভাষণ আগবঢ়ায় প্ৰতিষ্ঠানৰ উপ-সঞ্চালক ডাঃ হেমন্ত দত্তই ৷

মানসিক স্বাস্থ্য প্ৰতিষ্ঠানখনৰ অধীক্ষক ডাঃ জ্যোতি হাজৰিকাই যোগ অভ্যাসক কেনেকৈ এক প্ৰকাৰৰ প্ৰতিৰোধী ঔষধ হিচাপে গণ্য কৰিব পাৰি আৰু মানসিক লগতে শাৰিৰীক পৰিপুষ্টিত যোগ সাধনাই কেনেধৰণৰ প্ৰভাৱ পেলায় সেই বিষয়ে অৱগত কৰে ৷

অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থকা তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই প্ৰাচীন যোগ পদ্ধতি আৰু যোগ সাধনাৰ দ্বাৰা এগৰাকী ব্যক্তি কেনেকৈ মানসিক তথা শাৰীৰিকভাৱে লাভৱান্বিত হ’ব পাৰে সেই সম্পৰ্কে ব্যক্তব্য প্ৰদান কৰে ৷

এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ ভূমিকাৰ কথা উল্লেখ কৰি উপযুক্ত প্ৰশিক্ষণ প্ৰাপ্ত যোগ শিক্ষকৰ জৰিয়তে এই ব্যৱস্থা আগবঢ়াবলৈ আহ্বান জনাই প্ৰতিষ্ঠানৰ দ্বাৰা আৰম্ভ হ’বলগীয়া টেলিযোগৰ দ্বাৰা সকলো স্তৰৰ লোক লাভৱান্বিত হ’ব বুলি আশা প্ৰকাশ কৰে ৷

সঞ্চালক ডাঃ শৈলেন্দ্ৰ কুমাৰ দেউৰীয়ে দৈনন্দিন জীৱনত যোগাৰ গুৰুত্ব সম্পৰ্কে উল্লেখ কৰি প্ৰতিষ্ঠানত অনতিপলমে যোগ শিক্ষাৰ ব্যৱস্থাৰ লগতে যোগ শিক্ষাক পদ্ধতিগত আৰু বিজ্ঞানসন্মতভাৱে আৰম্ভ কৰাৰ চিন্তাও কৰা হৈছে বুলি জনায় আৰু টেলিযোগ ব্যৱস্থাৰ দ্বাৰা সকলো লাভৱান হ’ব বুলি আশাব্যক্ত কৰে । উল্লেখ্য যে উক্ত টেলিযোগ সেৱাৰ বিষয়ে প্ৰতিষ্ঠানৰ ৱেবছাইটত উপলব্ধ হ’ব ৷

লগতে পঢ়ক:Student died in TU : তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ ছাত্ৰ

ABOUT THE AUTHOR

...view details