অসম

assam

ETV Bharat / state

বিধায়ক পদ্ম হাজৰিকালৈ “কৰ্মযোগী” উপাধি - স্বেচ্ছাসেৱী সংগঠন

"কন্যকা" বহুমুখী কৃষিপামৰ জৰিয়তে বিধায়কগৰাকীয়ে সমষ্টিৰ নিবনুৱা যুৱক যুৱতীসকলক কৃষি কাৰ্যৰ প্ৰতি আকৃষ্ট কৰিবলৈ সক্ষম হোৱাৰ লগতে যুৱক যুৱতীসকলক সু-সংগঠিত ৰূপত একত্ৰিত কৰি স্বাৱলম্বিতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে ৷ কৰ'ণাৰ সময়ত বহিঃৰাজ্যৰ পৰা উভতি অহা যুৱক-যুৱতীসকলক পৰিয়ালৰ সদস্যৰ দৰে ৰাখিবৰ বাবে প্ৰচেষ্টা হাতত লোৱা দেখা পোৱা গৈছে বিধায়কগৰাকীক ৷

Team "Blood donor" conferred  MLA Padma Hazarika to title Karma Yogi
চতিয়াৰ বিধায়ক পদ্ম হাজৰিকালৈ “কৰ্মযোগী” উপাধি প্ৰদান ৰক্তদাতাৰ

By

Published : May 23, 2020, 1:25 PM IST

চতিয়া, 23মে': চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক শুক্ৰবাৰে প্ৰদান কৰা হয় "কৰ্মযোগী" উপাধি ৷ কৰ'ণা মহামাৰীৰ ভয়াৱহতাৰ সময়ত নিজা সমষ্টিত তাৎক্ষণিকভাৱে লোৱা ভূমিকা আৰু "কন্যকা" বহুমুখী কৃষিপামৰ জৰিয়তে কৃষি আৰু অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিবলৈ অহৰহ প্ৰচেষ্টা হাতত লোৱা বাবে জামুগুৰিহাটৰ পৰিদৰ্শন বঙলাত বিধায়ক পদ্ম হাজৰিকাক “ৰক্তদাতা” নামৰ এক স্বেচ্ছাসেৱী সংগঠনে প্ৰদান কৰিলে এই "কৰ্মযোগী"উপাধি ৷

উল্লেখযোগ্য যে, "কন্যকা" বহুমুখী কৃষিপামৰ জৰিয়তে বিধায়কগৰাকীয়ে সমষ্টিৰ নিবনুৱা যুৱক-যুৱতীসকলক কৃষিকৰ্মৰ প্ৰতি আকৃষ্ট কৰিবলৈ সক্ষম হোৱাৰ লগতে যুৱক-যুৱতীসকলক সু-সংগঠিত ৰূপত একত্ৰিত কৰি স্বাৱলম্বিতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে বিধায়কগৰাকীয়ে ৷

ইয়াৰ উপৰিও কৰ'ণাৰ সময়ত বহিঃৰাজ্যৰ পৰা উভতি অহা যুৱক-যুৱতীসকলক পৰিয়ালৰ সদস্যৰ দৰে ৰাখিবৰ বাবে প্ৰচেষ্টা হাতত লোৱা দেখা পোৱা গৈছে বিধায়কগৰাকীক ৷ যাৰ পৰিপ্ৰেক্ষিতত “কৰ্মযোগী” উপাধিৰে বিভূষিত কৰা হ’ল বুলি জানিব দিয়ে স্বেচ্ছাসেৱী সংগঠন "ৰক্তদাতা"ই ৷ এই বঁটাত আছিল এখন মানপত্ৰৰ লগতে গামোচা, শৰাই, মাস্ক আৰু ছেনিটাইজাৰ ৷

চতিয়াৰ বিধায়ক পদ্ম হাজৰিকালৈ “কৰ্মযোগী” উপাধি প্ৰদান ৰক্তদাতাৰ

উপাধি গ্ৰহণ কৰি আগন্তুক দিনত কাম কৰি যোৱাৰ বাবে যথেষ্ট উৎসাহ দি যাব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷ আনহাতে, ৰক্তদাতা নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে বিগত সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তত তেজৰ সমস্যাত পৰা ৰোগীক তেজৰ যোগান ধৰি সহায় কৰি অহাৰ লগতে কৰ'ণা মহামাৰীৰ এই আতংকৰ সময়ত শোণিতপুৰ জিলাৰ ভিন্ন প্ৰান্তত ৰাইজ তথা জৰুৰীকালীন সেৱাৰ লগত জড়িত লোকসকলক মাস্ক-ছেনিটাইজাৰ বিতৰণ, ৰাইজক সজাগ সচেতন কৰিবৰ বাবে চৰকাৰী নীতি নিয়ম সম্বলিত দেৱাল পোষ্টাৰিংৰ লগতে কৰ’ণাৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে জনসমাগম স্থান, অফিচ-কাছাৰী আদি ছেনিটাইজ কৰি আহিছে ৷

লগতে পঢ়কঃই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃকণমানি দুই ভগ্নীক সহায়ৰ হাত বহুজনৰ

ABOUT THE AUTHOR

...view details