অসম

assam

ETV Bharat / state

Chandrayaan 3 landing: জোৰা টাপলি মৰা সম্প্ৰচাৰৰ ব্যৱস্থাৰে কিমান গৰাকী শিক্ষাৰ্থী উপকৃত হ’ব ? - শিক্ষা দপ্তৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু

চন্দ্ৰযান-3 ৰ সফল লেণ্ডিঙৰ সম্প্ৰচাৰৰ তাৎক্ষণিক জাননীয়ে সমস্যাত পেলাইছে বিদ্যালয়ৰ কৰ্তৃপক্ষক ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়ায় ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত চন্দ্ৰ নাথ শৰ্মা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মিনাক্ষী গোস্বামীয়ে ৷

Chandrayaan 3 landing
বুধবাৰে হ’ব চন্দ্ৰযান-3 ৰ সফল লেণ্ডিং

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 12:23 PM IST

চন্দ্ৰযান-3 সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়াইছে অধ্যক্ষ মিনাক্ষী গোস্বামীয়ে

তেজপুৰ, 23 আগষ্ট :চন্দ্ৰযান-3 য়ে চন্দ্ৰত পদক্ষেপ কৰিব বাবে মংগলবাৰে ৰাজ্যৰ বিদ্যালয়সমূহ সন্ধিয়া 6 বজালৈ খোলা ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগে । ৰাজ্যখনৰ শিক্ষা দপ্তৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মঙলবাৰে তেওঁৰ 'X' একাউন্টত উল্লেখ কৰিছে যে বুধবাৰৰ সন্ধিয়া 6.10 বজাত ইছৰোয়ে চন্দ্ৰয়ান-3 ৰ সফল লেণ্ডিং কৰিব বাবে পোনপটীয়াকৈ শিক্ষাৰ্থীক দেখুৱাবৰ বাবে সন্ধিয়া 6 বজালৈ ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান খোলা থাকিব লাগিব ।

তেজপুৰৰ বিশিষ্ট শিক্ষক, ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত চন্দ্ৰ নাথ শৰ্মা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মিনাক্ষী গোস্বামীয়ে ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে, গ্ৰামাঞ্চলৰ বিদ্যালয়ৰ বাবে এই সম্প্ৰচাৰ চলোৱাটো কঠিন হ’ব । তেওঁ কয় যে, তেওঁৰ বিদ্যালয়ত এই বিষয়ে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু আই টি বিভাগৰ লগত আলোচনা কৰিছে ৷ কিন্তু সন্ধিয়া 6 বজাত গাঁৱৰ শিক্ষাৰ্থী উক্ত সম্প্ৰচাৰ চাবলৈ কিমান উপস্থিত থাকিব সেয়া এক চিন্তনীয় বিষয় ।

ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত শিক্ষকগৰাকীয়ে কয় যে এই সম্প্ৰচাৰৰ বাবে বিদ্যালয়খনৰ প্ৰয়োজনীয় সা- সৰঞ্জাম, বিদ্যুতৰ ব্যৱস্থা কেনেধৰণৰ সেয়াও নিশ্চিত কৰাটো প্ৰয়োজনীয় । উল্লেখযোগ্য যে, অতি কম সময়তে দিয়া এই নিৰ্দেশ গ্রামাঞ্চল বিদ্যালয়সমূহৰ বাবে কেনেদৰে সম্ভৱ হ’ব সেই লৈও চিন্তিত হৈ পৰিছে মীনাক্ষী গোস্বামীৰ লগতে বিদ্যালয় কৰ্তৃপক্ষ । অকল গ্ৰামাঞ্চলৰ বিদ্যালয়সমূহৰ নহয় চহৰাঞ্চলত কিমানখন বিদ্যালয়ত ইলেকট্ৰ’নিক ব্যৱস্থা আছে বহল পৰ্দাত প্ৰদৰ্শন কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা আছে নে নাই নে শিক্ষকৰ মোবাইল ফোনৰ জৰিয়তে এই প্ৰদৰ্শন কৰিব লাগিব আদি বিষয়বোৰো ইয়াৰ সৈতে জড়িত হৈ আছে বুলি কয় গোস্বামীয়ে ৷

জোৰা-টাপলি মৰা ব্যৱস্থাৰে সম্প্ৰচাৰ চলায় কিমান গৰাকী শিক্ষাৰ্থী উপকৃত হ’ব এই বিষয়সমূহ পূৰ্বতে চিন্তা নকৰি চৰকাৰে হঠাৎ এটা সিদ্ধান্ত দিয়াৰ ফলত হাবু ডুবু খাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে বিদ্যালয় কৰ্তৃপক্ষৰ মাজত । গোস্বামীয়ে লগতে কয় যে, তেওঁৰ বিদ্যালয়ৰ দূৰ-দূৰণিৰ পৰা অহা শিক্ষাৰ্থীসকলৰ অভিভাৱকসকলক নিজৰ মোবাইল ফোনৰ জৰিয়তেও এই সম্প্ৰচাৰ দেখুৱাবা পাৰিব বুলি অৱগত কৰোৱা বুলি কয় ।

লগতে পঢ়ক:Chandrayaan 3 landing: জোনবাইৰ দেশৰ ঐতিহাসিক মুহূৰ্তৰ বাবে অপেক্ষাৰত দেশবাসী

ABOUT THE AUTHOR

...view details