তেজপুৰ, ৫ছেপ্টেম্বৰ: শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলা শিক্ষা বিভাগ আৰু শিক্ষক সংগঠনসমূহৰ সহযোগত সোমবাৰে শোণিতপুৰ জিলা (Teachers day celebrated in Sonitpur) কেন্দ্ৰীয় ৬১ সংখ্যক শিক্ষক দিৱস পালন কৰা হয় । এই উপলক্ষে জিলাখনৰ ৩২ গৰাকী শিক্ষকক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।
তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহ শতাব্দী ভৱনত অনুষ্ঠিত এই কেন্দ্ৰীয় শিক্ষক দিৱসত পুৱাই উদযাপন সমিতিয়ে তেজপুৰৰ দুগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক ক্ৰমে প্ৰণৱ মজুমদাৰ আৰু ঈশান নাথক বাসগৃহতে সম্বৰ্ধনা জ্ঞাপন কৰে । বিদ্যালয় সমূহৰ পৰিদৰ্শক প্ৰভাত দাসসহ উদযাপন সমিতিৰ বিষয়ববীয়াই দুয়োগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা জ্ঞাপন কৰে ।
ইয়াৰ পিছতেই ৩২ গৰাকীকৈ কৃতী শিক্ষাগুৰুক লৈ গায়ন-বায়নেৰে শোভাযাত্ৰা (Procession in Tezpur on Teachers day) কৰি মূল অনুষ্ঠানলৈ আদৰি অনা হয় । উদযাপন সমিতিৰ সভাপতি তথা শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ পিছত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে ৬১ গছি বন্তি প্ৰজ্বলন কৰে । পিছত তেজপুৰ জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ পত্ৰিকা সম্পাদক পংকজ বৰুৱাই আঁত ধৰা মূল অনুষ্ঠানটোত পৌৰহিত্য কৰে শোণিতপুৰৰ উপায়ুক্ত তথা উদযাপন সমিতিৰ সভাপতি দেৱ কুমাৰ মিশ্ৰই ।