অসম

assam

By

Published : Apr 1, 2023, 8:39 PM IST

ETV Bharat / state

Protest at Kathalguri Tea Garden : ৰোহিত আৰু ছবি তাঁতীৰ মৃত্যুৰ তদন্তৰ দাবীত কঠালগুৰি চাহ বাগিচাত চাহ শ্ৰমিকৰ প্ৰতিবাদ

আকৌ প্ৰতিবাদ ৷ চাহ শ্ৰমিক ৰোহিত তাঁতী আৰু ছবি তাঁতীৰ মৃত্যুৰ উচিত তদন্তৰ দাবীত শোণিতপুৰ জিলাৰ কঠালগুৰি চাহ বাগিচাত শ শ শ্ৰমিক ৰাইজে ৰূপায়ন কৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী (Tea workers protest at Kathalguri Tea Garden)৷

Protest at Kathalguri Tea Garden
কঠালগুৰি চাহ বাগিচাত চাহ শ্ৰমিকৰ প্ৰতিবাদ

কঠালগুৰি চাহ বাগিচাত চাহ শ্ৰমিকৰ প্ৰতিবাদ

ৰঙাপৰা, ১ এপ্ৰিল :‘‘আমাক ন্যায় লাগিব, এই জুই জ্বলিছে জ্বলিবই, শ্ৰমমন্ত্ৰী মুৰ্দাবাদ, সঞ্জয় কিষাণ মুৰ্দাবাদ ৷’’ শ শ ৰাইজৰ প্ৰতিবাদী কণ্ঠত শনিবাৰে পুৱাই উত্তাল হ’ল শোণিতপুৰ জিলাৰ কঠালগুৰি চাহ বাগিচা (Protest at Kathalguri Tea Garden)৷ চাহ বাগিচাত মৃত্যু হোৱা দুজন শ্ৰমিকৰ উচিত তদন্তৰ দাবীত চাহ বাগিচাৰখনৰ শ্ৰমিক ৰাইজে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী (Tea workers protest at Kathalguri Tea Garden) ।

পুৱা প্ৰায় ১০ বজাত হোৱা মূষলধাৰ বৰষুণকো নেওচি শ শ চাহ শ্ৰমিক ৰাইজে কলঘৰৰ সন্মুখতে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷ চাহ শ্ৰমিক জিন্দাবাদ, চাহ শ্ৰমিকৰ জীৱনৰ লগত হেতালি খেলা বন্ধ কৰক, কলঘৰৰ পৰিদৰ্শক মুর্দাবাদ, কলঘৰৰ পৰিদৰ্শকক বহিষ্কাৰ কৰক, আমাক ন্যায় দিবই লাগিব, চাহ বাগিচাৰ কৰ্তৃপক্ষ মুর্দাবাদ আদি বিভিন্ন শ্ল’গান দি প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ।

লগতে পঢ়ক :Labor death of Electric shock: বিদ্যুৎস্পৃষ্ট হৈ এজন শ্ৰমিকৰ মৃত্যু, এজন আহত

উল্লেখ্য যে, শোণিতপুৰ জিলাৰ ৰূপাজুলিৰ কঠালগুৰি চাহ বাগিচাত শুক্ৰবাৰে দুজনকৈ শ্ৰমিকে প্ৰাণ হেৰুৱাইছিল । বৃটিছৰ দিনত নিৰ্মাণ কৰা চাহ বাগিচাখনৰ কলঘৰটোৰ ওপৰত থকা আওপুৰণি টিনপাত মেৰামতি কৰিবলৈ যোৱাৰ সময়ত হঠাৎ টিনপাত ভাঙি মাটিত বাগৰি পৰি শ্ৰমিক ৰোহিত তাঁতী আৰু ছবি তাঁতীয়ে অকাল মৃত্যু সাৱটি ল’ব লগা হয় ৷

চাহ বাগিচাখনৰ কলঘৰত কৰ্মৰত অৱস্থাত দুজনকৈ শ্ৰমিকে মৃত্যুক সাৱটি লোৱাত ক্ষুব্ধ হৈ পৰে শ্ৰমিক ৰাইজ ৷ চাহ বাগিচাখনৰ সকলো কাম-কাজ স্তব্ধ কৰি শ্ৰমিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ স্বতঃস্ফূৰ্তভাৱে শ্ৰমিক ৰাইজ ওলাই আহে ।

অকাল মৃত্যুক সাৱটি লোৱা শ্ৰমিক দুজনৰ উচিত তদন্ত আৰু পৰিয়ালৰ উপযুক্ত ক্ষতি পূৰণৰ দাবী জনায় প্ৰতিবাদকাৰী স্থানীয় শ্ৰমিক ৰাইজে । ইফালে প্ৰতিবাদস্থলীত জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল উপস্থিত হৈ বুজ লয় পৰিস্থিতি । লগতে তেওঁলোকে ঘটনা সন্দৰ্ভত উচিত তদন্তৰ আশ্বাসো প্ৰদান কৰে ৷

লগতে পঢ়ক :Protest in Golaghat: ভূমি পট্টা বিচাৰি গোলাঘাটত চাহ শ্ৰমিকৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details