চতিয়া, ২৯ মাৰ্চ: মঙলবাৰে পুৱাই দিকৰাই চাহ বাগিচাৰ কাৰখানাৰ মূল প্ৰৱেশদ্বাৰত কেইবা শতাধিক শ্ৰমিক উপস্থিত হৈ চৰকাৰ বিৰোধী নানা ধৰণৰ শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে । বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গ'বেক, শ্ৰমিকক কৰি অহা শোষণ বন্ধ কৰা আদি শ্লোগানেৰে উত্তাল কৰি তোলে চাহ বাগিচাখনৰ কাৰখানাৰ মূল প্ৰৱেশদ্বাৰ(Tea labour protest in Sootea) । বাগিচাত কৰ্মৰত শ্ৰমিক সকলৰ দীৰ্ঘদিনীয়া তেৰ দফীয়া দাবী সমূহ চৰকাৰে আজি পৰ্যন্ত পূৰণ নকৰাৰ অভিযোগ উত্থাপন কৰে চাহ শ্ৰমিকসকলে ৷
দেশৰ বিভিন্ন ট্ৰেড ইউনিয়ন, শ্ৰমিক ইউনিয়নকে আদি কৰি বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দল সংগঠনে সমগ্ৰ ভাৰততে চৰকাৰৰ শ্ৰমিক নীতিৰ বিৰুদ্ধে দুদিন ধৰি বিভিন্ন ধৰণৰ কাযসূচী গ্ৰহণ কৰিছে । তাৰেই অংশ হিচাপে মঙলবাৰে দিকৰাই চাহ বাগিচাৰ শ্ৰমিক গোটেও তেওঁলোকৰ ন্যাৰ্য প্ৰাপ্তিৰ বাবে এইদৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।