ৰঙাপৰা,২৪ মাৰ্চ: ৰঙাপৰা ধূলাপাদুং চাহ বাগিচাত আজি পুৱাই বাজি উঠিল কাঁহী, বাটি (tea estate employees protest in Rangapara) । কৰ্মচাৰীসকলে প্ৰাপ্য মজুৰিৰ আদায়ৰ দাবীত ধূলাপাদুং চাহ বাগিচাত কৰ্মৰত এক ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । এম্প্ৰেয়াৰ কোম্পানীৰ অধীনত থকা শোণিতপুৰ জিলাৰ ধুলাপাদুং, চেঁচা, ঘইৰালি, বৰজুলি আৰু ওদালগুৰিৰ বাদালাপাৰা চাহ বাগিচাত কৰ্মৰত কৰ্মচাৰীসকলে মাহেকীয়া দৰমহা বিচাৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।
প্ৰকৃতি আৰু চাহপাত উৎপাদনৰ হ্ৰাস হোৱাৰ কথা দোহাই দি মালিকপক্ষই কৰ্মচাৰীসকলক ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ দৰমহা আদায় দিয়া নাই । যাৰ ফলত কৰ্মচাৰীসকলৰ অৱস্থাত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে । প্ৰাপ্য দৰমহাৰ দাবীত অসম চাহ কৰ্মচাৰী সংঘৰ সদস্য-সদস্যাসকলে কাৰ্যালয়ৰ সন্মুখত থিয় হৈ কাহি-বাতি বজাই বিভিন্ন শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।