তেজপুৰ,২৩ এপ্ৰিল: লক ডাউনৰ সময়তে তেজপুৰত অত্যাৱশ্যকীয় সেৱাৰ নামত একাংশই চলাই আহিছে চোৰাং ব্যৱসায় । গৰুৰ দানা কঢ়িওৱাৰ অনুমতি লৈ সৰবৰাহ কৰে নিষিদ্ধ ঘোষণা কৰা ধঁপাত আৰু গোটখা জাতীয় সামগ্ৰী । তেজপুৰ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় AS-12E-9030 নম্বৰৰ এখন পিক আপ ভান ।
তেজপুৰত জব্দ ধঁপাত সৰবৰাহ কৰা বাহন - AS 12E 9030 নম্বৰৰ
লক ডাউনৰ সুযোগ গ্ৰহণ কৰি অসাধু চক্ৰই চলাই আহিছে চোৰাং ব্যৱসায়,জব্দ প্ৰায় 1 লাখ টকাৰ নিচাজাতীয় সামগ্ৰী ৷
তেজপুৰত জব্দ ধঁপাত সৰবৰাহ কৰা বাহন
অবৈধ নিচাযুক্ত দ্ৰব্য লৈ উক্ত বাহনখনে কন্যকাৰ পশু খাদ্য কঢ়িওৱাৰ বাবে অনুমতি লাভ কৰিছিল । গাড়ী চালক ফৰুকআব্দুল্লা আৰু নিচাযুক্ত দ্ৰব্যৰ চোৰাং ব্যৱসায়ী চাদ্দাম শেখক তেজপুৰৰ দোলাবাৰীৰ পৰা প্ৰায় ১ লাখ টকাৰ মূল্যৰ ধঁপাত সৰবৰাহ কৰোতেই আৰক্ষীৰ তালাচীত ধৰা পৰে । সম্প্ৰতি গাড়ীখন আৰক্ষীয়ে জব্দ কৰিছে আৰু আৰু বিষয়টো সন্দৰ্ভত কন্যকাৰ ফালৰ পৰাও এক গোচৰ ৰুজু কৰিছে আৰক্ষী থানাত ৷
লগতে পঢকঃ যোৰহাটত ই পাছ বাধ্যতামূলক