অসম

assam

By

Published : Jan 2, 2021, 6:54 PM IST

ETV Bharat / state

তেজপুৰত HS ত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ৬০০ ছাত্ৰীক স্কুটি প্ৰদান

তেজপুৰ জিলা পুথি ভঁৰালত আয়োজিত এক অনুষ্ঠানত জিলাখনৰ পাঁচটা সমষ্টিৰ অন্তৰ্গত মুঠ ৬০০ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰীক এইবাৰ প্ৰদান কৰা হৈছে স্কুটি ।

তেজপুৰত HS ত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ৬০০ ছাত্ৰীক স্কুটি প্ৰদান
তেজপুৰত HS ত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ৬০০ ছাত্ৰীক স্কুটি প্ৰদান

তেজপুৰ,২ জানুৱাৰী:শনিবাৰেঅসম চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰজ্ঞান ভাৰতীৰ আঁচনিৰ অধীনত ড৹ বাণী কান্ত কাকতি বঁটা প্ৰদান কৰে সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰতো ৷ তেজপুৰ জিলা পুথি ভঁৰালত আয়োজিত এক অনুষ্ঠানত জিলাখনৰ পাঁচটা সমষ্টিৰ অন্তৰ্গত মুঠ ৬০০ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰীক এইবাৰ প্ৰদান কৰা হৈছে স্কুটি ।

তেজপুৰত HS ত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ৬০০ ছাত্ৰীক স্কুটি প্ৰদান

উল্লেখযোগ্য যে, স্কুটি প্ৰদান অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত, চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী কেশৱ মহন্তই কয় যে, শিক্ষাৰ্থী সকলৰ বাবে চৰকাৰে যথেষ্ট পৰিমাণে সহায় আগবঢ়াইছে আৰু অনাগত সময়তো ছাত্ৰ-ছাত্ৰী সকলক সহায় কৰি যাব ৷

তেজপুৰত HS ত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ৬০০ ছাত্ৰীক স্কুটি প্ৰদান

একেদৰে অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই ছাত্ৰ ছাত্ৰী সকলক কয় যে, হাত দুখন যিমানে ওপৰলৈ মেলি নিদিওক কিয় যাতে তেওঁলোকে ভৰিৰ স্থিতি এৰি নিদিয়ে । উক্ত অনুষ্ঠানত তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামী, জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিংহ , বিদ্যালয় সমূহৰ পৰিদৰ্শক প্ৰভাত দাস উপস্থিত থাকে ।

লগতে পঢ়কঃ এবছুৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদকৰ 78সংখ্যক জন্মজয়ন্তী পালন

ABOUT THE AUTHOR

...view details