অসম

assam

মুখ্যমন্ত্ৰী সোণোৱালৰ ঘোষণা ল'ক ডাউনত অত্যাৱশ্যকীয় সামগ্ৰী উপলব্ধ হ'ব

By

Published : Mar 26, 2020, 9:26 PM IST

মুখ্যমন্ত্ৰী সোণোৱালৰ ঘোষণা ল'ক ডাউনত অত্যাৱশ্যকীয় সামগ্ৰী উপলব্ধ হ'ব বুলি তেজপুৰত মুখ্যমন্ত্ৰীৰ ঘোষণা ৷ ৰঙাপৰাত লকডাউনৰ বিপৰীত ছবি, মাছ ধৰাত ব্যস্ত একাংশ ৰাইজ ৷ আনহাতে, জামুগুৰিহাটৰ বসুন্ধৰা গেছ এজেন্সীয়ে লৈছে এক ব্যতিক্ৰমী পদক্ষেপ ৷

tax tazpur e rongapara jamugurij hat public awerness
মুখ্যমন্ত্ৰী সোণোৱালৰ ঘোষণা ল'ক ডাউনত অত্যাৱশ্যকীয় সামগ্ৰী উপলব্ধ হব

তেজপুৰ, ২৬মাৰ্চ:তেজপুৰ মেডিকেল কলেজ হস্পিতালত বৃহস্পতিবাৰে উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসালয় পৰিদৰ্শন কৰি জিলা প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগৰ সৈতে এক আলোচনাত মিলিত হয় ।

সোণোৱালে এক সংবাদমেলৰ জৰিয়তে তেজপুৰত কয় যে, জৰুৰীকালীন সেৱা আৰু শাক-পাঁচলি বজাৰ আৰু মাছ-মাংসৰ বজাৰ চৰকাৰৰ নিয়ম অনুসৰি খোলা থাকিব । মুখ্যমন্ত্ৰী সোণোৱালে সকলোকে একেলগে সজাগ হৈ কৰ'ণাৰ দৰে মহামাৰী বিৰুদ্ধে যুঁজ দি সজাগ হ'বলৈ আহ্বান জনায় ৷

মুখ্যমন্ত্ৰী সোণোৱালৰ ঘোষণা ল'ক ডাউনত অত্যাৱশ্যকীয় সামগ্ৰী উপলব্ধ হ'ব

ইফালে জিলাখনৰ ৰঙাপৰাত লকডাউনৰ বিপৰীত ছবি পৰিলক্ষিত হয় ৷ মাছ ধৰাত ব্যস্ত হৈ পৰে একাংশ ৰাইজ ৷ ৰঙাপৰাত যোৱা ২৪ মাৰ্চৰ সন্ধিয়া ৬ বজাৰ পৰা লকডাউন ঘোষনা কৰাৰ পিছত জনশূন্য হৈ পৰিছিল ৰাজপথ । জনশূণ্য হৈ পৰিছিল ব্যস্তময় ঠাইবোৰো । লকডাউনৰ সময়ত প্ৰতিজন ব্যক্তি নিজৰ ঘৰতে আবদ্ধ হৈ আছে যদিও চাহ বাগিচা অঞ্চলৰ একাংশ চাহ শ্ৰমিক ৰাইজ পথাৰত মাছ ধৰাত ব্যস্ত হৈ পৰিছে । কৰ'ণা ভাইৰাছত আতংকিত নহৈ চাহ বাগিচাৰ একাংশ ৰাইজে বাগিচাৰ হোলাবোৰত মাছ ধৰিবলৈ ওলাই আহিছে ৷

উল্লেখযোগ্য যে কৰ'ণা ভাইৰাছৰ বাবে চাহ বাগিচা সমূহত সকলো ধৰণৰ কাম-কাজ বন্ধ কৰা হৈছে । যাতে চাহ শ্ৰমিক ৰাইজে নিজৰ নিজৰ ঘৰত থাকি সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰে। কিন্তু চাহ বাগিচা অঞ্চলৰ এইসকল শ্ৰমিক একেলগে ওলাই আহি মাছ ধৰাত ব্যস্ত হৈ পৰে । এতিয়াও চাহ বাগিচা অঞ্চলত সজাগতাৰ যে অভাৱ আছে সেই কথাকে প্ৰতিপন্ন কৰিছে শ্ৰমিকসকলৰ এই কাণ্ডই । যাৰ ফলত একাংশ ৰাইজ ঘৰত থকাৰ বিপৰীতে এনেদৰে ওলাই আহি মাছ ধৰাত ব্যস্ত হৈ পৰিছে ৷

সমগ্ৰ দেশত মহামাৰী কৰ’ণাৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবেই মঙ্গলবাৰে সন্ধিয়া ৬ বজাৰ পৰাই ২১ দিনৰ বাবে দেশত লকডাউন ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ লকডাউনৰ সময়তো ৰাজ্যৰ ভিন্ন প্ৰান্তত জনসাধাৰণে ঘৰুৱা সামগ্ৰী ক্ৰয় কৰিবৰ বাবেই অত্যাৱশ্যকীয় সামগ্ৰীৰ বিপনীৰ লগতে এটি চিলিণ্ডাৰৰ বাবেও গেছ এজেন্সী সমুহতো সামাজিক দূৰত্ব নাৰাখি ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ তাৰ বিপৰীতে জামুগুৰিহাটৰ বসুন্ধৰা গেছ এজেন্সীয়ে লৈছে এক ব্যতিক্ৰমী পদক্ষেপ ৷ প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক ঘৰৰ ভিতৰত থাকি মহামাৰী কৰ’ণাক প্ৰতিহত কৰিবৰ বাবে জনোৱা আহ্বানক সন্মান জনায়েই চিলিণ্ডাৰ বিচাৰি গ্ৰাহকসকলে আহি এজেন্সীত যাতে ভিৰ নকৰে নতুবা জনসমাগমৰ সৃষ্টি নকৰে তাৰবাবে ঘৰে ঘৰে গৈ গেছৰ চিলিণ্ডাৰ দিয়াৰ ব্যৱস্থা কৰিছে এজেন্সীটোৱে ৷ এজেন্সীটোৱে ইতিমধ্যে কেবাটাও ফোন নম্বৰ ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰচাৰ কৰি এই কাম আৰম্ভ কৰিছে আৰু সকলোকে মহামাৰী কৰ’ণাৰ বিৰুদ্ধে লোৱা এই যুদ্ধৰ সমভাগী হ’বলৈ আহবান জনাইছে ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details