অসম

assam

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 12:44 PM IST

ETV Bharat / state

Tangkhul Naga Long statement: মণিপুৰত কুকি উগ্ৰপন্থীক সকীয়নি টাংখুল নগা লঙৰ

টাংখুল নগা লং আৰু কুকি সম্প্ৰদায়ৰ মাজত বিবাদ আৰম্ভ হৈছে । কুকি উগ্ৰপন্থীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ টাংখুল নগা লঙৰ । বিবৃতিযোগে কুকি সংগঠনক সকীয়নি প্ৰদান কৰিছে ।

Tangkhul Naga Long statement
মণিপুৰত কুকি উগ্ৰপন্থীক সকীয়নি টাংখুল নগা লঙৰ

তেজপুৰ, ২১ ছেপ্টেম্বৰ :মণিপুৰৰ পৰিস্থিতি এতিয়াও উন্নত হোৱা নাই । পুনৰ ৰাজ্যখনৰ ঠায়ে ঠায়ে হিংসাত্মক কাৰ্যকলাপ আৰম্ভ হৈছে । ইয়াৰ মাজতে টাংখুল নগা লং (টিএনএল)-এ এক বিবৃতিযোগে কুকি উগ্ৰপন্থীসকলক তীব্ৰ সকীয়নি প্ৰদান কৰিছে । সাধাৰণ জনতাৰ ওপৰত কৰা আক্ৰমণ আৰু কথিত ভাবুকিৰ ঘটনাক লৈ টাংখুল নগা লঙে তীব্ৰ নিন্দা কৰাৰ লগতে অস্ত্ৰধাৰী কুকি উগ্ৰপন্থীৰ কথিত অপ্ৰত্যাশিত আৰু অযুক্তিকৰ কাৰ্যৰ বিৰুদ্ধে কঠোৰ সতৰ্কবাণী জাৰি কৰিছে ।

মণিপুৰত কুকি উগ্ৰপন্থীক সকীয়নি টাংখুল নগা লঙৰ

শেহতীয়াকৈ ইম্ফলৰ উথৰুলৰ নাগালেণ্ড সংযোগী পথত নিৰীহ লোক আৰু যাত্ৰীক ৰখাই ভাবুকি দিয়াৰ অভিযোগ উঠিছিল কুকি সংগঠনৰ বিৰুদ্ধে । আনহাতে অভিযোগ অনুসৰি কুকি উগ্ৰপন্থীসকলে ইম্ফল-উখৰুল পথৰ পুনৰ্নিৰ্মাণ আৰু মেৰামতিৰ কামত জড়িত শ্ৰমিকসকলকো ভয়-ভাবুকি দি আহিছে । টিএনএলয়ে এই সকলোবোৰ কাৰ্যকলাপ অতি শীঘ্ৰে বন্ধ কৰিবলৈ আহ্বান জনাইছে ।

বুধবাৰে প্ৰকাশ কৰা এক প্ৰেছ বিবৃতিত টাংখুল নগা সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা টাংখুল নগা লং-এ উগ্ৰপন্থীৰ একাধিক আক্ৰমণ আৰু অভাৱণীয় আচৰণৰ প্ৰতি দীৰ্ঘদিনীয়া সহনশীলতা প্ৰকাশ কৰে । বিবৃতি অনুসৰি অন্যায় হোৱাৰ পাছতো সম্প্ৰদায়টোৱে সৰ্বোচ্চ সংযম বজাই ৰাখিছে আৰু অঞ্চলটোৰ শান্তি ৰক্ষাক অগ্ৰাধিকাৰ দিছে । এনে পৰিস্থিতিত তেওঁলোকৰ অধিকাৰক্ষেত্ৰৰ ভিতৰত ৰাজহুৱা উপদ্ৰৱৰ এই কাৰ্যসমূহৰ তাৎক্ষণিক অন্ত পেলাবলৈ টাংখুল নগা লঙে আহ্বান জনায় ।

বিবৃতিটোৰ জৰিয়তে সংগঠনটোৱে এই ঘটনাত জড়িত সকলোকে কঠোৰ সকীয়নি প্ৰদান কৰিছে । ইয়াৰ পাছত যিকোনো অনাকাংক্ষিত ঘটনাৰ দায়িত্ব সেইসকল অপৰাধীয়ে ল'ব লাগিব বুলিও সংগঠনটোৱে দাবী কৰে । ইয়াৰ ফলত হ'ব পৰা সকলো অবাঞ্চিত পৰিস্থিতিৰ বাবে তেওঁলোকক জবাবদিহি কৰা হ'ব বুলিও কোৱা হৈছে । উখৰুল-ইম্ফল ঘাইপথৰ কাষত বাস কৰা কুকি গাঁৱৰ লোকসকলকো এই ঘটনাসমূহ গুৰুত্ব সহকাৰে লৈ এনে উপদ্ৰৱৰ অন্ত পেলাবলৈ আহ্বান জনায় টাংখুল নগা লঙে ।

লগতে পঢ়ক :Manipur violence: নতুন কম্বোডিয়া হৈ পৰিছে নেকি মণিপুৰ ?

ABOUT THE AUTHOR

...view details