চতিয়া,১৪ ফেব্ৰুৱাৰী:শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ এক্টিভ ৱাৰিয়ৰ টাইকোৱাণ্ডো একাডেমিৰ উদ্যোগত সমগ্ৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে দীৰ্ঘ সময়ধৰি টাইকোৱাণ্ডো প্ৰশিক্ষণৰ আয়োজন কৰি আহিছে । শনিবাৰৰ পৰা এই প্ৰশিক্ষাৰ্থী সকলৰ মাজত বিশেষ পৰীক্ষা আয়োজন কৰা হয় ।
মুখ্য প্ৰশিক্ষক সঞ্জয় গায়নৰ নেতৃত্বত আয়োজিত এই পৰীক্ষাত অৱতীৰ্ণ প্ৰশিক্ষাৰ্থীসকলক বিভিন্ন প্ৰকাৰৰ বেল্ট প্ৰদান কৰা হয় ।