অসম

assam

ETV Bharat / state

চতিয়াত 56 গৰাকী খেলুৱৈক প্ৰদান টাইকোৱানডো একাডেমীৰ বেল্ট - চতিয়াত 56 গৰাকী খেলুৱৈক প্ৰদান টাইকোৱানডো একাডেমিৰ বেল্ট

চতিয়া এক্টিভ ওৱাৰিয়ৰ টাইকোৱানডো একাডেমীৰ 56 গৰাকী ছাত্ৰ-ছাত্ৰীক বেল্ট প্ৰদান ৷ 37 গৰাকীক হোৱাইটৰৰ পৰা ইয়েল্ল’, 9 গৰাকীক ইয়েল্ল’ৰ পৰা গ্ৰীণ আৰু 10 গৰাকীক গ্ৰীণৰ পৰা গ্ৰীণ বেল্ট প্ৰদান ৷

চতিয়াত 56 গৰাকী খেলুৱৈক প্ৰদান টাইকোৱানডো একাডেমিৰ বেল্ট
চতিয়াত 56 গৰাকী খেলুৱৈক প্ৰদান টাইকোৱানডো একাডেমিৰ বেল্ট

By

Published : Feb 17, 2020, 12:20 PM IST

চতিয়া,17 ফেব্ৰুৱাৰী:চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটত এক্টিভ ওৱাৰিয়ৰ টাইকোৱানডো একাডেমীৰ উদ্যোগত জামুগুৰিহাট অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ শাৰিৰীক আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে দিয়া হৈছে টাইকোৱানডো প্ৰশিক্ষণ ৷ দেওবাৰে এই প্ৰশিক্ষণৰত ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰা হয় এক পৰীক্ষা ৷ য’ত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰা হয় বেল্ট ৷

56 গৰাকী ছাত্ৰ-ছাত্ৰীক বেল্ট প্ৰদান

সদৌ অসম টাইকোৱানডো,টাইকোৱানডো ফেডাৰেচন অফ ইণ্ডিয়া,ওৰল্ড টাইকোৱানডো ফেডাৰেশ্যন,এচিয়ান টাইকোৱানডো ইউনিয়ন,ইণ্ডিয়ান টাইকোৱানডো এশ্ব’ছিয়েশ্যন আৰু ইয়ুথ এফেয়াৰ্ছ এণ্ড স্পৰ্টছ আৰু ভাৰত চৰকাৰৰ অধীনত মুখ্য প্ৰশিক্ষক সঞ্জয় গায়ন সহকাৰী প্ৰশিক্ষক হিৰণ্য হাজৰিকা,সন্দীপ দাসে অনুষ্ঠিত কৰে এই পৰীক্ষা ৷

নিশা 9 বজালৈকে অনুষ্ঠিত হোৱা উক্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ 56 গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত 37 গৰাকীহোৱাইটৰৰ পৰা ইয়েল্ল’,9 গৰাকীক ইয়েল্ল’ৰ পৰা গ্ৰীণ আৰু 10 গৰাকীক গ্ৰীণৰ পৰা গ্ৰীণ বেল্ট প্ৰদান কৰা হয় ৷ পৰীক্ষক হিচাপে উপস্থিত আছিল সাধাৰণ সম্পাদক শোণিতপুৰ জিলা টাইকোৱানডো সন্থাৰ সুকুমাৰ নাথ ।

লগতে চাওক- দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ইংলেণ্ডৰ বৃহৎ জয়

For All Latest Updates

ABOUT THE AUTHOR

...view details