তেজপুৰ, 10 ডিচেম্বৰ : আজি অসম আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু বাৰ্ষিকী ৷ শ্বহীদ গৰাকীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে বৃহস্পতিবাৰে ৰাজ্যজুৰি আছুৱে পালন কৰে শ্বহীদ দিসৱ ৷ সমান্তৰালকৈ বৃহস্পতিবাৰৰ দিনটোত তেজপুৰ কলেজিয়েট হাইস্কুল খেলপথাৰত, ভাৰতীয় জনতা যুৱ মৰ্চাই পালন কৰে অসমৰ প্ৰথম গৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ স্মৃতি দিৱস ৷ উক্ত শ্বহীদ দিৱস অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসকে ধৰি ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়া ৷
বিজেপিয়ে আয়োজন কৰা এই শ্বহীদ দিৱসক ৰাজনৈতিক সভা বুলি আখ্যা দিছে দলটোৰে একাংশ লোকে ৷ শ্বহীদ দিৱসলৈ অহা একাংশই নাজানে প্ৰকৃততে কিহৰ অনুষ্ঠান আয়োজন কৰিছে বিজেপি দলে ৷ কেৱল মাত্ৰ চৰকাৰী সা-সুবিধা আৰু দলীয় কৰ্মী হোৱাৰ বাবেই সভালৈ সোঁত বয় একাংশ বিজেপি সদস্যৰ ৷