অসম

assam

ETV Bharat / state

ৰঙাপৰাৰ বজাৰৰ কদৰ্য ৰূপ - ৰঙাপৰা পৌৰসভা

ৰঙাপৰাত স্বচ্ছ ভাৰত মিছনৰ বিপৰীত ছবিখনহে ৰাইজে প্ৰত্যক্ষ কৰিছে । মাছৰ বজাৰত পেলনীয়া সামগ্ৰীবোৰ মহলদাৰ আৰু পৌৰসভাই এপ্তাহলৈকে চাফ-চিকুণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।

জাৱৰৰ দ'মলৈ পৰিণত ৰঙাপৰা দৈনিক বজাৰ

By

Published : May 5, 2019, 11:47 PM IST

ৰঙাপৰা, 2 মে’: জাৱৰৰ দ'মলৈ পৰ্যবসিত হৈছে শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ দৈনিক বজাৰখন । ৰঙাপৰা পৌৰসভাখনে জাৱৰ-জোথৰ সমূহ চাফ-চিকুণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে । নগৰখনৰ বিভিন্ন স্থানত এতিয়া কেৱল জাৱৰৰ দ'ম । বিশেষকৈ দৈনিক বজাৰত বজাৰ সমাৰ কৰিবলৈ যোৱা ৰাইজে উৎকট দুৰ্গন্ধৰ প্ৰকোপত নাকত ৰুমাল ল'বলগীয়া অৱস্থাৰ সৃষ্টি হৈছে । ৰঙাপৰাত স্বচ্ছ ভাৰত মিছনৰ বিপৰীত ছবিখনহে ৰাইজে প্ৰত্যক্ষ কৰিছে । মাছৰ বজাৰত পেলনীয়া সামগ্ৰীবোৰ মহলদাৰ আৰু পৌৰসভাই এপ্তাহলৈকে চাফ-চিকুণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে । যাৰ ফলত মাছ বজাৰখন কদুৰ্গন্ধই ছানি ধৰিছে ।

জাৱৰৰ দ'মলৈ পৰিণত ৰঙাপৰা দৈনিক বজাৰ

আৰু পঢ়ক: শৰীৰত কৰ্কটৰ বীজাণু, সহায়ৰ আহ্বান নলবাৰীৰ দৰিদ্ৰ ৰোগীৰ পৰিয়ালৰ

ইফালে মহলদাৰসকলে খাজনা সংগ্ৰহ কৰি অহাৰ পাচতো সমগ্ৰ বজাৰখন চাফ-চিকুণ কৰি অহাত হেমাহি কৰি আহিছে বুলিও অভিযোগ উত্থাপন হৈছে ৷

ABOUT THE AUTHOR

...view details