অসম

assam

ETV Bharat / state

তেজপুৰত উলংগ অৱস্থাত উদ্ধাৰ কিশোৰীৰ মৃতদেহ - দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ

ফিল্ডত সুৰাৰ বটল উদ্ধাৰ হোৱা বাবেই কিশোৰী গৰাকীক দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰে আৰক্ষী তথা স্থানীয় ৰাইজে

তেজপুৰত উলংগ অৱস্থাত উদ্ধাৰ কিশোৰীৰ মৃতদেহ

By

Published : Sep 22, 2019, 11:18 PM IST

Updated : Sep 25, 2019, 5:20 PM IST

তেজপুৰ,২২ চেপ্তেম্বৰ :তেজপুৰ চলাগাঁৱত উলংগ অৱস্থাত উদ্ধাৰ কিশোৰীৰ মৃতদেহ ৷ কিশোৰী গৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ আৰক্ষীৰ ৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি হৈছে ৷

বিবস্ত্ৰ অৱস্থাত চলাগাঁৱৰ এখন নিৰ্জন ফিল্ডত উদ্ধাৰ হয় গৰৈমাৰী বঢ়িগিৰী আহোম গাঁৱৰ প্ৰায় ১৬/১৭ বছৰীয়া এগৰাকী কিশোৰীৰ মৃতদেহ ৷ ফিল্ডত সুৰাৰ বটল উদ্ধাৰ হোৱাৰ বাবেই দলবদ্ধভাৱে কিশোৰী গৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী তথা স্থানীয় ৰাইজে ৷

তেজপুৰত উলংগ অৱস্থাত উদ্ধাৰ কিশোৰীৰ মৃতদেহ

উল্লেখ্য যে, শনিবাৰে সন্ধিয়া ঘৰৰ পৰা ওলাই গৈছিল কিশোৰী গৰাকী ৷ সন্ধিয়া 5 বজালৈকে পৰিয়ালৰ লগত ফোনযোগে যোগাযোগ হৈছিল কিশোৰী গৰাকীৰ ৷ আনহাতে, একাধিক যুৱকৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল বুলি আৰক্ষীক অবগত কৰে পৰিয়ালৰ লোকে ৷ অপৈণত প্ৰেমৰ কৰুণ পৰিণতি বাবেই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

আনহাতে, ঘটনাস্থলীত উচ্চপদস্থ আৰক্ষী বিষয়াৰ দল উপস্থিত হৈ তদন্ত কৰি সোধপোছৰ বাবে আটক কৰিছে দুজনক ৷ তাৰোপৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷

Last Updated : Sep 25, 2019, 5:20 PM IST

ABOUT THE AUTHOR

...view details