তেজপুৰ, ১০ ফেব্ৰুৱাৰী: শ্মশানৰ পৰা মৃতদেহ আহিল পোষ্টম'ৰ্টেম গৃহলৈ । এই ঘটনা সংঘটিত হয় তেজপুৰৰ পাঁচমাইলত শুক্ৰবাৰে বিয়লি । ঘটনাৰ বিৱৰণি অনুসৰি ৰাইজৰ অভিযোগৰ ভিত্তিত দাহনৰ পৰিৱৰ্তে উঠাই অনা হ'ল মৃতদেহ (Suspected death of a man) ৷ ঘটনা সংঘটিত হৈছে পাঁচমাইল বৰগুৰিত ৷
বৰগুৰিৰ ৩৭ বছৰীয়া মলয় দাসৰ মৃতদেহ সৎকাৰৰ বাবে উপস্থিত হৈছিল পৰিয়াল-আত্মীয়সহ শতাধিক গাঁওবাসী ৷ বিবাহিত মলয় দাসৰ পত্নী সন্তানসহ থাকে নগাঁৱত ৷ চামগুৰিৰ সোণাইবিলত ঘৰ শহুৰেকৰ ৷ তিনিদিন পূৰ্বে তেজপুৰৰ পৰা সোণাইবিললৈ গৈছিল মলয় ৷
তাতেই উচ্চ ৰক্তচাপত মলয় আক্ৰান্ত হোৱাৰ খবৰ দিয়া হয় পৰিয়ালৰ লোকক ৷ সেইমতে পৰহি মলয়ক তেজপুৰ মিছন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ উন্নত চিকিৎসাৰ বাবে কালি তেজপুৰৰ পৰা গুৱাহাটীৰ GNRC ত ভৰ্তি কৰোৱা হৈছিল ৷ চিকিৎসাধীন অৱস্থাতে যোৱানিশা GNRC ত মৃত্যু হয় মলয়ৰ ৷ মলয়ৰ পৰিয়ালৰ লোকে উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলিয়েই ধৰি লৈছিল ৷
কিন্তু সৎকাৰৰ বাবে নিওঁতেহে ওলাই পৰে জোলোঙাৰ মেকুৰী ৷ হিন্দু ধৰ্মীয় ৰীতি অনুসৰি মৃতদেহৰ পৰা কাপোৰ সলাওঁতে স্পষ্ট ৰূপত ধৰা পৰে আঘাতৰ চিন ৷ ইয়াৰ পিচতে ক্ষোভিত হৈ পৰে পৰিয়াল-আত্মীয় আৰু গাওঁবাসী ৷ সকলোৰে দাবী- মলয়ক পৰিকল্পিতভাৱে শহুৰেকৰ ঘৰত হত্যা কৰা হৈছে ৷ যাক লৈ শ্মশানত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ পিচত ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে আৰু মৰোনোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে (Tezpur Kanaklata Civil Hospital) ৷ ৰাইজে মলয়কাণ্ডৰ উচিত তদন্তৰ দাবী জনাইছে ৷ অৱশ্যে মৰোনোত্তৰ পৰীক্ষা আৰু আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব এয়া হত্যা নে স্বাভাৱিক মৃত্যুৰ ঘটনা ৷
লগতে পঢ়ক:Ganakantha Newspaper Unveiled : তেজপুৰত সাপ্তাহিক বাতৰিকাকত গণকণ্ঠৰ প্ৰস্তাৱনা সংখ্যা উন্মোচন