তেজপুৰ, 4 অক্টোবৰ: মণিপুৰৰ মুখ্য সচিব ড৹ বিনীত যোশীয়ে জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ গীতা মিত্তালৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিযুক্ত তিনিজনীয়া সমিতিৰ সৈতে কাংপোকপি জিলাৰ পৰিস্থিতি মূল্যাংকন কৰিবলৈ জিলাখনত উপস্থিত হয় ৷ উল্লেখ্য যে হিংসাৰ দ্বাৰা যথেষ্ট ক্ষতি হৈছিল কাংপোকপিত ৷
এক বিজ্ঞপ্তি অনুসৰি, তিনিজনীয়া সমিতিখনত বোম্বে উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ শালিনী ফানচালকাৰ যোশী আৰু দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ আশা মেননো অন্তৰ্ভুক্ত আছে । উচ্চতম ন্যায়ালয়ে মণিপুৰত সাহায্য, পুনঃসংস্থাপন আৰু পুনঃনিৰ্মাণ ব্যৱস্থাৰ তদাৰক কৰিবলৈ এই তিনিজনীয়া সমিতিখন গঠন কৰিছে ৷ সমিতিৰ সদস্যসকলক উপায়ুক্ত কাৰ্যালয় চৌহদত উপায়ুক্ত মহেশ চৌধুৰীৰ নেতৃত্বত জিলা প্ৰশাসনৰ বিষয়াসকলে উষ্ম আদৰণি জনায় ৷
জিলা বিষয়াসকলৰ সৈতে এক বিস্তৃত আলোচনাত মিলিত হৈ দলটোৱে পৰিস্থিতিৰ বিষয়ে গভীৰ ভাৱে বুজিবলৈ চেষ্টা কৰে ৷ এই বৈঠকৰ পিছত, সমিতিখনে জিলা প্ৰশাসনৰ প্ৰতিনিধিসকলৰ সহযোগত দুটা সাহায্য কেন্দ্ৰ - কিথেলমানবি হাইস্কুল আৰু লেইকোপৰ ডায়েট (DIET) চেণ্টাৰ পৰিদৰ্শন কৰে ৷