তেজপুৰ, 24 জুলাই : প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত অৰুণাচল প্ৰদেশৰ (Arunachal pradesh) পশ্চিম কামেং আৰু বৌদ্ধ নগৰী টাৱাং জিলাৰ সীমান্তত থকা চেলা পাছৰ নিৰ্মীয়মান সুৰংগ "চেলা টানেল " (Sela tunnel, BRO)। বৃহস্পতিবাৰে নতুন দিল্লীৰ পৰা ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে নিৰ্মাণ কাৰ্য চলি থকা চেলা টানেলৰ এস্কেপ টিউবৰ অন্তিমটো বিস্ফোৰণ ঘটাই সীমান্ত পথৰ সঞ্চালক প্ৰধান (DGBR) লেফটেনেণ্ট জেনেৰেল ৰাজীৱ চৌধুৰীয়ে । এই অনুষ্ঠানত ADGBR(east) ৰ মুখ্য অভিযন্তা প্ৰকল্প পি কে এইচ সিঙৰ নেতৃত্বত বিআৰঅ’ৰ বিভিন্ন নিৰ্মাণ কাৰ্য ভৰ্টকৰ ব্ৰিগেডিয়াৰ হৰিশ কুমাৰ আৰু 42 টাস্ক ফ'ৰ্চ আৰু পেটেল ইঞ্জিনিয়াৰিং লিমিটেডৰ প্ৰতিনিধিসকলে অনলাইন যোগে প্ৰত্যক্ষ কৰিছিল এই অন্তিমটো বিস্ফোৰণ কাৰ্য ।
উল্লেখযোগ্য যে, 8.8 কিল’মিটাৰ পথৰ উপৰিও এই সফলতাই দুটা টিউব অৰ্থাৎ 1,555 মিটাৰ দু-ফালৰ টিউব আৰু 90 মিটাৰ টিউবৰ পৰা ওলাই সংযোগ হোৱা চেলা টানেল দ্ৰুতভাৱে সম্পূৰ্ণ কৰাত সহায় কৰিব । ডিজিবিআৰে ২০২১ চনৰ জানুৱাৰীত সেনা দিৱসত তেওঁৰ ভ্ৰমণৰ সময়ত এস্কেপ টিউবৰ প্ৰথম বিস্ফোৰণ আৰম্ভ কৰিছিল । এই নলীটোৱে ইতিমধ্যে 425 মিটাৰ খনন অতিক্ৰম কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (narandra modi) বালিপৰা-চাৰিদুৱাৰ-টাৱাং পথৰ জৰিয়তে অৰুণাচল প্ৰদেশৰ টাৱাঙলৈ সকলো পথৰ সংযোগ প্ৰদান কৰাৰ বাবে ২০১৯ চনৰ ৯ ফেব্ৰুৱাৰীত চেলা টানেলৰ আধাৰশিলা স্থাপন কৰিছিল ৷
সুৰংগটোৰ নিৰ্মাণ 2019 চনৰ 1 এপ্ৰিলত আৰম্ভ হৈছিল আৰু প্ৰথম বিস্ফোৰণ 31 অক্টোবৰ 2019 ত কৰা হৈছিল । বৰ্তমান চেলা সুৰংগৰ (টানেলৰ) খনন দ্ৰুত গতিত হৈছে ৷ বৃহস্পতিবাৰে 1,555 মিটাৰ সুৰংগৰ এস্কেপ টিউবৰ শেষৰ বিস্ফোৰণ ঘটাই, যি নিৰ্ধাৰিত সময়ৰ বহু আগতে সম্পূৰ্ণ হৈছে বুলি জানিব দিয়ে নিৰ্মাণকাৰী সংস্থাই ।