তেজপুৰ,23 মে': 1997 চনত কেইজনমান শিক্ষিত যুৱকে মাত্ৰ 50 বিঘা মাটিত যৌথভাৱে চাহ খেতি আৰম্ভ কৰি আজিৰ তাৰিখত নিজাববীয়াকৈ এটা ফেক্টৰী স্থাপন কৰাৰ লগতে এখন বজাৰ দখল কৰিবলৈও সক্ষম হৈছে (Setting up own factories as well as market grabbing) ৷ শোণিতপুৰ জিলাৰ হাটিঙা অঞ্চলত চাহ ফেক্টৰী স্থাপন কৰি চন্দন মহন্ত, প্ৰাঞ্জল বৰুৱা, অৰুণ ভৰালী আৰু মঞ্জিত ভূঞা নামৰ উদ্যমী যুৱক চাৰিজনে বৰ্তমান চাৰে চাৰিশ বিঘাতকৈও অধিক ভূমিত চাহ খেতি সম্প্ৰসাৰণ কৰাৰ উপৰিও স্থাপন কৰিছে পদুমনি চাহ কাৰখানা ৷
সম্প্ৰতি এই কাৰখানাতেই উৎপাদিত 'পাৰিজাত' ব্ৰেণ্ডৰ চাহে দেশে বিদেশে সুনাম কঢ়িয়াব বুলি আশা কৰা হৈছে ৷ আজি স্থানীয় সমাজকৰ্মী তথা লেখক মুক্তি হাজৰিকাৰ পৌৰোহিত্যত অনুষ্ঠিত এখন সভাত মুখ্য অতিথি হিচাপে অংশ লৈ সাংবাদিক নন্দন প্ৰতিম শৰ্মা বৰদলৈয়ে 'পাৰিজাত' চাহৰ পেকেট সমূহ উন্মোচন কৰি সাহস, চেষ্টা আৰু সদিচ্ছা থাকিলে ভাল কাম কৰাটো সম্ভৱ বুলি মন্তব্য কৰে ৷
আনহাতে উচ্চ মানদণ্ডৰ চাহ উৎপাদনৰ ক্ষেত্ৰত সুখ্যাতি থকা তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ত সন্মানিত প্ৰশান্ত কুমাৰ নাথে কয় যে অসমৰ চাহক দেশ-বিদেশৰ বজাৰত গুণগত ক্ষেত্ৰত বদনামী কৰিছে একাংশ বহিঃৰাজ্যৰ ব্যবসায়ীয়ে ৷ এনে একাংশ ব্যৱসায়ীয়ে অধিক লাভৰ আশাত যধেমধে ৰাজ্যৰ বিভিন্ন স্থানত কাৰখানা স্থাপন কৰি চাহপাতৰ গুণগত মান নিৰ্দ্ধাৰণ নকৰাকৈ চাহ উৎপাদন কৰা বাবে চাহৰ মানো নিম্নগামী হৈছে ৷