অসম

assam

ETV Bharat / state

Tractors Distribution in Tezpur: শোণিতপুৰত কৃষকক ৰেহাই মূল্যত ট্ৰেক্টৰ বিতৰণ কৃষি বিভাগৰ - ট্ৰেক্টৰ বিতৰণ

বৃহস্পতিবাৰে তেজপুৰৰ হজৰাপাৰস্থিত কৃষি আভিযান্ত্ৰিক বিভাগৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত এক অনুষ্ঠানত কৃষকসকলক প্ৰদান কৰা হয় ট্ৰেক্টৰ আৰু আনুসাংগিক যন্ত্ৰ ৷ 95 শতাংশ ৰেহাই মূল্যত প্ৰদান কৰা হয় এই ট্ৰেক্টৰ আৰু আনুসাংগিক যন্ত্ৰ-পাতি সমূহ (Tractors Distribution to Farmers in Tezpur) ৷

Subsidy Tractors Distribution to Farmers in Tezpur
শোণিতপুৰত কৃষকক ৰেহাই মূল্যত ট্ৰেক্টৰ বিতৰণ কৃষি বিভাগৰ

By

Published : May 11, 2023, 10:07 PM IST

তেজপুৰ, 11 মে': বৃহস্পতিবাৰে তেজপুৰৰ হজৰাপাৰস্থিত কৃষি আভিযান্ত্ৰিক বিভাগৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত এক অনুষ্ঠানত কৃষকসকলক প্ৰদান কৰা হয় ট্ৰেক্টৰ আৰু আনুসাংগিক যন্ত্ৰ ৷ 95 শতাংশ ৰেহাই মূল্যত প্ৰদান কৰা হয় এই ট্ৰেক্টৰ আৰু আনুসাংগিক যন্ত্ৰ-পাতি সমূহ ৷ আনুষ্ঠানিকভাৱে এই যন্ত্ৰ-পাতি আৰু ট্ৰেক্টৰ কৃষক সকলক প্ৰদান কৰিলে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণ, অতিৰিক্ত জিলা উপায়ুক্ত পংকজ কুমাৰ ৰাজবংশী আৰু জিলা কৃষি বিষয়া পংকজ কুমাৰ শইকীয়াই (Subsidy Tractors Distribution to Farmers in Tezpur) ৷

ৰেহাই মূল্যত ট্ৰেক্টৰ বিতৰণ

কৃষি আভিযান্ত্ৰিক বিভাগে SMAM (Sub Mission on Agricultural Mechanization) 2022-23 আচঁনিৰ VLFMB (Village level farm Machinery Bank) ৰ অধীনত জিলাখনৰ এটা কৃষক উৎপাদক কোম্পানী (FPC) আৰু সাতটাকৈ পঞ্জীয়নকৃত আত্মসহায়ক গোটক ৰেহাই মূল্যত প্ৰদান কৰিলে ৮ খনকৈ ট্ৰেক্টৰ আৰু আনুসাংগিক যন্ত্ৰ-পাতি ৷

জিলাখনৰ ৰঙাপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰঙাপাৰা কৃষক উৎপাদক কোম্পানী, তেজপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মাধৱ জ্যোতিয়া দায়ৱদ্ধ আত্মসহায়ক গোট, শ্ৰীহৰি কৃষক গোট, বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত আশ্ৰয় উৎপাদক আত্মসহায়ক গোট, কৃষক উজ্জ্বল কৃষি সেৱা গোট, মহিলা আত্মসহায়ক গোট মনালিছা, ছিমং পথাৰ পৰিচালনা গোট আৰু ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত মাৰশ্বেল আত্মসহায়ক গোটক 95 শতাংশ ৰেহাই মূল্যত প্ৰদান কৰা হয় ট্ৰেক্টৰ আৰু আনুসাংগিক যন্ত্ৰপাতি (Tractors Distribution in Tezpur) ৷

অনুষ্ঠানত কৃষকসকলক সময়ৰ সৈতে খোজ মিলাই যান্ত্ৰিক পদ্ধতিৰে ব্যৱসায়িক ভিত্তিত খেতি কৰি অধিক লাভান্বিত হোৱাৰ লগতে বজাৰ দখলৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনালে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণ আৰু জিলা কৃষি বিষয়া পংকজ কুমাৰ শইকীয়াই ৷

অনুষ্ঠানত উপস্থিত থাকে যুটীয়া কৃষি সঞ্চালক (উত্তৰ সংমণ্ডল) পবিত্ৰ শৰ্মা, কৃষি কাৰ্যবাহী অভিযন্তা প্ৰসন্নজিৎ শইকীয়া, কৃষি বিজ্ঞান কেন্দ্ৰ শোণিতপুৰৰ মুৰব্বী বিজ্ঞানী অংগনা শৰ্মা, অৱসৰপ্ৰাপ্ত কৃষি সহকাৰী অভিযন্তা ভূপেন বৰুৱা, কৃষি উন্নয়ন বিষয়া অক্ষয় ঘোষ, মিডিয়া বিশেষজ্ঞ বিতোপন শইকীয়াৰ লগতে 200 ৰো অধিক কৃষক ৰাইজ (Tractors Distribution to Farmers in Tezpur) ৷

লগতে পঢ়ক:Manas National Park: পৰ্যটকৰ বাবে বন্ধ হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান

ABOUT THE AUTHOR

...view details