সূৰ্যত অভিযান চলাবলৈ সাজু হৈছে ইছৰো তেজপুৰ, ২৫ আগষ্ট : চন্দ্ৰযান-3 ৰ সফলতাৰ পিছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো) এইবাৰ চলাব সূৰ্য অভিযান ৷ সূৰ্যত অভিযান চলাবলৈ সাজু হৈছে ইছৰো ৷ এই অভিযানৰ বাবে ইতিমধ্যে আদিত্য এল-1 নামৰ মহাকাশযান সাজু কৰি তুলিছে ইছৰোৱে ৷ এই মহাকাশ যানত নাথাকিব ইন্ধন ৷ পৃথিৱী আৰু সূৰ্যৰ মাজত থাকি আদিত্য এল-১ এ পৰ্যৱেক্ষণ কৰিব সূৰ্যক ৷
উল্লেখ্য যে, বিশ্বত এতিয়াও সূৰ্যৰ পৰা বিকিৰিত ৰশ্মী আৰু সূৰ্যকণা ইত্যাদি অনেক বিষয়ৰ সন্দৰ্ভত বহু ৰহস্য উদঘাটন হ’বলৈ বাকী আছে ৷ নাছাৰ উদ্যোগত কেৱল মাত্ৰ এটা এনে প্ৰকল্প আৰম্ভ হৈছে যদিও সূৰ্য সন্দৰ্ভত অধ্যয়ন আৰু গৱেষণাৰ বাবে আন কোনো দেশে মহাকাশযান প্ৰেৰণ কৰা নাই ৷
ইফালে চন্দ্ৰযান-৩ ৰ সফলতাৰ পিছতেই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আদিত্য এল-1 ৰ কথা আনুষ্ঠানিক ভাৱে ঘোষণা কৰে ৷ আনহাতে ইছৰোৰ সঞ্চালক এচ সোমনাথে জানিবলৈ দিয়া মতে চলিত বৰ্ষৰ ছেপ্তেম্বৰ মাহত আদিত্য এল-1 উৎক্ষেপনৰ বাবে সাজু হৈ উঠিব বুলি মন্তব্য কৰে ৷ এই বিৰল গৌৰৱৰ অংশীদাৰ হৈছে তেজপুৰ বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ গৱেষক ছাত্ৰ জন্মেজয় সৰকাৰ ৷ তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞানৰ স্নাতকত্তোৰ ডিগ্ৰী লাভ কৰাৰ পিছত বৰ্তমান অধ্যাপক ড॰ কিশোৰ বৰুৱাৰ তত্বৱধানত মহাকাশ গৱেষণাৰ এগৰাকী জ্যেষ্ঠ গৱেষক ছাত্ৰ হিচাপে জড়িত হৈ আছে ৷
তেওঁ আদিত্য এল-1 ৰ নিমাৰ্ণ কাৰ্যত জড়িত হৈ পৰিছে ৷ উল্লেখ্য যে এই মহাকাশ যানখন যোৱা কেইদিনমান পূৰ্বে নিমাৰ্ণ সম্পূৰ্ণ কৰি পৰীক্ষা-নীৰিক্ষাৰ অন্তত শ্ৰী হৰিকোটাৰ উৎক্ষেপন কেন্দ্ৰক অপৰ্ন কৰা হয় ৷ এতিয়া মহাকাশ গৱেষক সকলে গভীৰ প্ৰত্যাক্ষাৰে বাট চাই আছে আদিত্য এল-1 ৰ উৎক্ষেপনৰ বাবে ৷ ইফালে এই অভিযান সফল হ’লে পুনৰ দেশৰবাসীৰ লগতে গৌৰাম্বিত হৈ পৰিব তেজপুৰ বিশ্ববিদ্যালয় ৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ চয়ন দত্ত চন্দ্ৰযান-৩ ৰ সৈতে জৰিত হোৱাৰ দৰে আদিত্য এল-1তো আন এগৰাকী ছাত্ৰ জন্মেজয় সৰকাৰ জড়িত হৈ থকা খবৰে সকলোকে উৎফুল্লিত কৰি তুলিছে ৷
লগতে পঢ়ক :Chandrayaan-3 mission: চন্দ্ৰযান-৩ অভিযানত জড়িত ইছৰোৰ দলক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে