তেজপুৰ, ৫ জানুৱাৰী : ভালুকপুঙত ভয়ংকৰ দুৰ্ঘটনা ৷ ডিট’নেটৰ বিস্ফোৰণ হৈ এগৰাকী ছাত্ৰী গুৰুতৰভাৱে আহত (Detonator blast in Sonitpur)৷ ভালুকপুঙৰ বাণ্ডুগুৰি গাঁৱত সংঘটিত হয় এই ঘটনা (Blast at Bhalukpong Sonitpur)৷ ছাত্ৰীগৰাকীয়ে বিদ্যালয়ৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত পথৰ দাঁতিত পৰি থকা এটা ডিট'নেটৰ ঘৰলৈ লৈ অহাৰ পাছত ঘৰতে বিস্ফোৰিত হয় ৷ ইতিমধ্যে আহত ছাত্ৰীগৰাকীক তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ(Tezpur medical college) হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৷
উল্লেখ্য যে, ভালুকপুঙৰ বাণ্ডুগুৰি গাঁৱত এই অঘটন সংঘটিত হয় । উক্ত গাঁওখন শোণিতপুৰ জিলাৰ সদৰ তেজপুৰৰ পৰা প্ৰায় 45 কিলোমিটাৰ নিলগত । ছাত্ৰীগৰাকীয়ে বিদ্যালয়ৰ পৰা ঘৰ আহি থকা অৱস্থাত পথৰ দাঁতিত পৰি থকা ডিট’নেটৰ ঘৰলৈ লৈ অহাৰ পাছত ভয়ংকৰ ঘটনাটো সংঘটিত হয় । বৃহস্পতিবাৰে দিনৰ প্ৰায় দুই বজাত বিদ্যালয়লৰ পৰা ঘৰলৈ ঘূৰি অহাৰ সময়ত উক্ত সামগ্ৰীখিনি পথৰ দাঁতিত সামগ্ৰীসমূহ পৰি থকা দেখা পাই ঘৰলৈ লৈ যায় আৰু পঢ়া টেবুলত ৰাখি থয় ৷
পঢ়া টেবুলত ৰাখি থোৱা ডিট’নেটৰটো বিয়লি প্ৰায় ৪ মান বজাত বিস্ফোৰণ ঘটি ছাত্ৰীগৰাকী গুৰুতৰভাৱে আহত হয় । ফলত ছাত্ৰীগৰাকীৰ এটা চকুৰ ক্ষতিসাধন হয় ৷ আহত ছাত্ৰীগৰাকীক লগে লগে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷